সাংসদ পুঁজিৰ কেলংকাৰীৰে জড়িত হৈ নিলম্বিত হোৱা সুকন্যা বৰাৰ ঘৰত চি এম ভিজিলেঞ্চৰ অভিযান...

সাংসদ পুঁজিৰ কেলংকাৰীৰে জড়িত হৈ নিলম্বিত হোৱা সুকন্যা বৰাৰ ঘৰত চি এম ভিজিলেঞ্চৰ অভিযান...
সাংসদ পুঁজিৰ কেলংকাৰীৰে জড়িত হৈ নিলম্বিত হোৱা সুকন্যা বৰাৰ ঘৰত চি এম ভিজিলেঞ্চৰ অভিযান...

ডিজিটেল ডেস্কঃ সাংসদ পুঁজিৰ কেলেংকাৰীৰে নাম জড়িত হৈ নিলম্বিত হোৱা কামৰূপ মহানগৰ জিলাৰ এ ডি চি সুকন্যা বৰাৰ গান্ধীবস্তিৰ বাসগৃহত চলিছে চি এম ভিজিলেঞ্চৰ অভিযান। ২০২১-২২ বৰ্ষত সাংসদ পুঁজিৰ এই কেলংকাৰী সংঘটিত হৈছিল।

সাংসদ পুঁজিৰ এই কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পাছতে তেওঁক সোধা-পোছা কৰি নিলম্বিত কৰা হৈছিল। অভিযোগ অনুসৰি সেই সময়ত বিভিন্ন উন্নয়নমূলক কামৰ বাবে সাংসদ পুঁজিৰ যি ধন মুকলি কৰি দিয়া হৈছিল সেই ধন তেওঁলোকে হৰলুকি কৰিছিল।

কেৱল কাগজে পত্ৰয়ে পথ নিৰ্মাণ কৰি সেই ধন লুটি পুতি খাইছিল। এই সন্দৰ্ভত চি এম ভিজিলেঞ্চত গোচৰ ৰুজু হোৱাৰ পাছতে উন্নয়নমূলক কাম কৰা বুলি দেখুওৱা স্থানত গৈ পৰ্যবেক্ষণ কৰিছিল যদিও তাত তেনে কোনো উন্নয়নমূলক কাম-কাজ দেখুৱাব পৰা নাছিল।

অৰ্থাৎ উন্নয়নমূলক কামৰ নামত ধন মুকলি কৰি দিছিল যদিও সেই ধন উন্নয়নমূলক কামত ব্যৱহাৰ হোৱাৰ পৰিৱৰ্তে সুকন্যা বৰাকে ধৰি এই চক্ৰটোৰে জড়িত আন আন বিষয়াসকলে হজম কৰিছিল। ইতিমধ্যে সুকন্যা বৰাকে ধৰি আন কেইবাজনকো এই গোচৰত নিলম্বন কৰা হৈছে।

আজি আয়ৰ বিপৰীতে অধিক সম্পত্তিৰ গোচৰত সুকন্যা বৰাৰ ঘৰত অভিযান চলাইছে চি এম ভিজিলেঞ্চে। জানিব পৰা মতে গান্ধীবস্তিৰ বাসগৃহত চলা তদন্ত অন্ত পৰাৰ পাছতে ছয়মাইলত থকা আন এটা বাসগৃহত অভিযান চলাব চি এম ভিজিলেঞ্চৰ দলে।

সাংসদ পুঁজিৰ কেলংকাৰীৰে জড়িত হৈ নিলম্বিত হোৱা সুকন্যা বৰাৰ ঘৰত চি এম ভিজিলেঞ্চৰ অভিযান...
ঝংকাৰ শইকীয়াৰ হত্যা কাণ্ডৰে জড়িত ২ জনলৈ জামিন প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in