ঝংকাৰ শইকীয়াৰ হত্যা কাণ্ডৰে জড়িত ২ জনলৈ জামিন প্ৰদান...

ঝংকাৰ শইকীয়াৰ হত্যা কাণ্ডৰে জড়িত ২ জনলৈ জামিন প্ৰদান...
ঝংকাৰ শইকীয়াৰ হত্যা কাণ্ডৰে জড়িত ২ জনলৈ জামিন প্ৰদান...

ডিজিটেল ডেস্কঃ ২০১৩ চনৰ ২৫ জুনত কাৰ্বি আংলং জিলাৰ ডিফুত সংঘটিত হোৱা ঝংকাৰ শইকীয়াৰ চাঞ্চল্যকৰ হত্যাকাণ্ড সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি জামিন আৱেদনৰ শুনানি গ্ৰহণ কৰি দুই অভিযুক্তলৈ জামিন প্ৰদান কৰিছে। পাহাৰীয়া জিলাখনত মাত্ৰ ১০ টকাৰ বাবেই একাংশ উন্মত্ত লোকৰ আক্ৰমণৰ বলি হৈছিল পিতৃৰ সৈতে ঝংকাৰ শইকীয়া।

উন্মত্ত লোকসকলৰ গণপ্ৰহাৰত মৃত্যু হৈছিল ঝংকাৰ শইকীয়াৰ। এই সন্দৰ্ভত পৰৱৰ্তী সময়ত কাৰ্বি আংলং সত্ৰ ন্যায়াধীশ আদালতে ১৬ জনকৈ লোকক দোষী সাব্যস্ত কৰিছিল।

কাৰ্বি আংলং সত্ৰ ন্য়ায়াধীশৰ সেই ৰায়ক প্ৰত্যাহ্বান জনাই একাংশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সৰন্নাপন্ন হৈছিল। এই সন্দৰ্ভতে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা জামিন শুনানিত ন্যায়ালয়ে চৰছিং টেৰণ আৰু জুনছিং টেৰণক জামিন প্ৰদান কৰে। অৱশ্যে আন ৮ জনৰ জামিন আৱেদন নাকচ কৰিছে।

ঝংকাৰ শইকীয়াৰ হত্যা কাণ্ডৰে জড়িত ২ জনলৈ জামিন প্ৰদান...
আজিৰে পৰা আৰম্ভ নৱম মিজোৰাম বিধানসভাৰ শীতকালীন অধিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in