প্ৰাপ্য লাভৰ দাবীৰে চাহ নিগমৰ অধীনৰ বাগিচাৰ শ্ৰমিকৰ প্ৰতিবাদ..

প্ৰাপ্য লাভৰ দাবীৰে চাহ নিগমৰ অধীনৰ বাগিচাৰ শ্ৰমিকৰ প্ৰতিবাদ..

author-image
Asomiya Pratidin
New Update
প্ৰাপ্য লাভৰ দাবীৰে চাহ নিগমৰ অধীনৰ বাগিচাৰ শ্ৰমিকৰ প্ৰতিবাদ..

প্ৰাপ্য লাভৰ দাবীৰে চাহ নিগমৰ অধীনৰ বাগিচাৰ শ্ৰমিকৰ প্ৰতিবাদ..

ডিজিটেল সংবাদ গোলাঘাটঃ বিভিন্ন দাবীৰে আজি গোলাঘাটত চাহ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে। গোলঘাট জিলাৰ চাহ নিগমৰ অধীনস্থ চাহ শ্ৰমিক সকলে সাব্যস্ত কৰা এই প্ৰতিবাদৰ পাছতে চাহ শ্ৰমিকসকলে জিলা উপায়ুক্তলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Advertisment

উল্লেখ্য যে অসম চাহ নিগমে ইয়াৰ অধীনস্থ চাহ বাগিচাসমূহ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ উদ্যোগ গ্ৰহণ কৰিছে। সেয়ে চাহ শ্ৰমিকসকলে এই বাগিচাসমূহ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰাৰ পূৰ্বে তেওঁলোকৰ প্ৰাপ্য আদায়ৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰোপৰি চাহ শ্ৰমিকসকলে চাহ মজদুৰ সংঘৰ সৈতে হোৱা আলোচনাৰ সিদ্ধান্তসমূহো কাৰ্যকৰী কৰাৰ দাবী উত্থাপন কৰিছে। জিলাখনৰ অন্যান্য চাহ বাগিচাসমূহৰ লগতে মিছামৰা চাহ বাগিচাৰ শ্ৰমিক সকলেও এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।

বাগিচাখনৰ শ্ৰমিকসকলে বাগিচাৰ কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰি জিলা উপায়ুক্তলৈ তেওঁলোকৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে।

Also Read: দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সভা...

চাহ বাগিচা চাহ নিগম