জোনমণি ৰাভা প্ৰসংগত আৰু মাত নামাতে অসম চৰকাৰেঃ 'বণ্ড চাইন' কাৰ্যক জনালে আদৰণি...

জোনমণি ৰাভা প্ৰসংগত আৰু মাত নামাতে  অসম চৰকাৰেঃ 'বণ্ড চাইন' কাৰ্যক জনালে আদৰণি...
জোনমণি ৰাভা প্ৰসংগত আৰু মাত নামাতে অসম চৰকাৰেঃ 'বণ্ড চাইন' কাৰ্যক জনালে আদৰণি...

ডিজিটেল ডেস্কঃ অসমত ধৰ্ণা, প্ৰতিবাদ কিয় লাগে? ৰাজ্যৰ একাংশ দল, সংগঠনৰ নেতাক এবছৰলৈ ধৰ্ণা, প্ৰতিবাদ নকৰিবলৈ শিৱসাগৰ প্ৰশাসনে 'বণ্ড চাইন' কৰোৱাৰ কাৰ্য সন্দৰ্ভত আজি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এইদৰে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, অসমত ধৰ্ণা প্ৰতিবাদ কিয় লাগে? প্ৰশাসনে যদি তেনে কোনো পদক্ষেপ লৈছে মই আদৰণি জনাইছো। ইয়াৰোপৰি তেওঁ কয়, চাকৰি পোৱাই চাকৰি পালে, সমস্যাৰ সমাধান হ'লে ধৰ্ণা, প্ৰতিবাদ কিয় লাগে?

বণ্ড চাইন কৰোৱাৰ প্ৰসংগত তেওঁ পুনৰ কয়, চৰকাৰে চহীহে লৈছে। ধৰ্ণা, প্ৰতিবাদ বন্ধ কৰা নাই। এয়া কৌশল হ'ব পাৰে। কৌশল মানে বেয়া কাম নহয়। ইয়াৰোপৰি তেওঁ গুৱাহাটীত জাৰি কৰা ১৪৪ ধাৰাও প্ৰত্যাহাৰ কৰা হ'ব বুলিও প্ৰকাশ কৰে।

ইফালে ৰাজ্য উত্তাল হৈ থকা নকল সোণৰ প্ৰসংগত তেওঁ কয়, এয়া দুজন লুভী মানুহৰ মাজৰ কাম। অৱশ্যে তেওঁ অসমৰ পৰা নকল সোণৰ বেহা শেষ কৰিব বুলিও প্ৰকাশ কৰিছে।

এই সংবাদ মেলতে তেওঁ জোনমণি ৰাভা কাণ্ডৰ সন্দৰ্ভত কয়, এই গোচৰ ইতিমধ্যে চি বি আইলৈ প্ৰেৰণ কৰা হৈছে। আনহাতে তদানীন্তন নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ নাম জোনমণি ৰাভাৰ মাতৃয়ে দাখিল কৰা এজাহাৰত উল্লেখ থকা প্ৰসংগত কয়, চি বি আইয়ে এফ আইৰৰ তদন্ত কৰি যদি কাৰোবাক দোষী হিচাপে পাই তেন্তে তেওঁ জে'ললৈ যাব লাগে।

তেওঁ কয় যিহেতু অসম চৰকাৰ গোটেই গোচৰটো চি বি আইলৈ প্ৰেৰণ কৰিছে গতিকে অসম চৰকাৰে আৰু এই বিষয়ত কোনো মন্তব্য নকৰে।

জোনমণি ৰাভা প্ৰসংগত আৰু মাত নামাতে  অসম চৰকাৰেঃ 'বণ্ড চাইন' কাৰ্যক জনালে আদৰণি...
২৫ মে'ত ৪৪ হাজাৰ ৭০৩ গৰাকীয়ে পাব নিযুক্তিঃ পুনৰ প্ৰকাশ পাব ২২,৫৬৫ টা পদৰ বিজ্ঞাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in