২৫ মে'ত ৪৪ হাজাৰ ৭০৩ গৰাকীয়ে পাব নিযুক্তিঃ পুনৰ প্ৰকাশ পাব ২২,৫৬৫ টা পদৰ বিজ্ঞাপন...

২৫ মে'ত ৪৪ হাজাৰ ৭০৩ গৰাকীয়ে পাব নিযুক্তিঃ পুনৰ প্ৰকাশ পাব ২২,৫৬৫ টা পদৰ বিজ্ঞাপন...
২৫ মে'ত ৪৪ হাজাৰ ৭০৩ গৰাকীয়ে পাব নিযুক্তিঃ পুনৰ প্ৰকাশ পাব ২২,৫৬৫ টা পদৰ বিজ্ঞাপন...

ডিজিটেল ডেস্কঃ  অহা ২৫ মে’ত ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব নিযুক্তি সমাৰোহ। ১ লাখ নিযুক্তিৰ অংশ হিচাপে ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত নতুনকৈ ৪৫ হাজাৰ যুৱক-যুৱতীক নিযুক্তি দিয়াৰ লক্ষ্যৰে ইতিমধ্যে নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে যদিও এই সমাৰোহত অৱশ্যে ৪৪ হাজাৰ ৭০৩ গৰাকীক হে নিযুক্তি প্ৰদান কৰিব।

আজি দিছপুৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেল সম্বোধন কৰি এই বিষয়ে উল্লেখ কৰিছে। তেওঁ সংবাদ মেলত কয় যে, ৰাজ্য চৰকাৰে ২৫ মে’ত ৪৫ হাজাৰক নিযুক্তি দিয়াৰ কথা আছিল যদিও দিব্যাংগ প্ৰাৰ্থীসকলৰ একাংশই স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাবে তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া স্থগিত ৰখা হৈছে।

সেয়ে এই নিযুক্তি সমাৰোহত ৪৫ হাজাৰৰ পৰিৱৰ্তে ৪৪ হাজাৰ ৭০৩ গৰাকীক হে নিযুক্তি প্ৰদান কৰা হ’ব। এই ৪৪ হাজাৰ ৭০৩ গৰাকী চাকৰি প্ৰাৰ্থীৰ ভিতৰত তৃতীয় বৰ্গৰ পদত ১১ হাজাৰ ৪৮ গৰাকীয়ে নিযুক্তি লাভ কৰিব।

আনহাতে চতুৰ্থ বৰ্গৰ পদত নিযুক্তি লাভ কৰিব ১৩ হাজাৰ ৭৩৯ গৰাকীয়ে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত ১ হাজাৰ ২৭৯ গৰাকীয়ে নিযুক্তি লাভ কৰিব। অৱশ্যে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াৰ লগত আবকাৰী বিভাগো সংলগ্ন হৈ আছিল।

অসম আৰক্ষীৰ ৰেডিঅ’ অ’পাৰেটৰ হিচাপে ৫৫৩ গৰাকীয়ে, অগ্নিনিৰ্বাপক আৰু জৰুৰীকালিন বিভাগত বাহিনীত ৩৯ গৰাকীয়ে, গৃহৰক্ষী বিভাগত ৩০৭ গৰাকীয়ে, জে’লত ৩০১ গৰাকীয়ে, আবকাৰী বিভাগত ২২২ গৰাকীয়ে আৰু ফ’ৰেষ্ট বেটেলিয়নত ২,৭২০ জনক নিযুক্তি পত্র প্রদান কৰা হ’ব।

অসম আৰক্ষী, গৃহৰক্ষী, আবকাৰী, ফৰেষ্ট বেটেলিয়ন আদি সকলোতে সৰ্বমুঠ ৫ হাজাৰ ৪২১ গৰাকীয়ে নিযুক্তি লাভ কৰিব। উল্লেখ্য যে, অসম আৰক্ষীত নিযুক্তিপ্ৰাপ্তসকলৰ ভিতৰত ২৩১ গৰাকী এনে যুৱক-যুৱতীও আছে যাৰ পিতৃ সুদীৰ্ঘ দিন ধৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজি দি শ্বহিদ হ’বলগীয়া হৈছে।

ইয়াৰ পূৰ্বে এনে পৰিয়ালৰ ১০০ জনক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি দিয়া হৈছিল। আনহাতে অসম আৰক্ষীত পূৰ্বে নিযুক্তিপ্ৰাপ্ত ৪২১ গৰাকীৰ কম্পিউটাৰ চাৰ্টিফিকেটৰ খেলিমেলিৰ অভিযোগ উত্থাপন হোৱাৰ বাবে তেওঁলোক নিযুক্তি লাভৰ পৰা বঞ্চিত হৈ আছিল।

যোৱা সময়ছোৱাত তেওঁলোকৰ কম্পিউটাৰ চাৰ্টিফিকেটসমূহ পৰীক্ষা কৰি তাৰ মাজৰ ৩৫৯ গৰাকীৰ কম্পিউটাৰ চাৰ্টিফিকেট বৈধ বুলি স্বীকৃতি পোৱাত তেওঁলোককো এই নিযুক্তি সমাৰোহতেই নিযুক্তি পত্ৰ বিতৰণ কৰা হ’ব।

আনহাতে আন আন বিভাগ আৰু তাত নিযুক্তি প্ৰাপ্তৰ সংখ্যা ক্ৰমে, স্বাস্থ্য বিভাগত ৫,২৮১ গৰাকী, শিক্ষা বিভাগত ৭০৪ গৰাকী (ইয়াৰে ৪২১ গৰাকী কলেজৰ সহকাৰী অধ্যাপক) মাধ্যমিক শিক্ষক হিচাপে ২,৩৩২ গৰাকীয়ে নিযুক্তি লাভ কৰিব। একেদৰে সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগত ৩৬২ জনে, ক্ৰীড়া বিভাগৰ বিভিন্ন টেকনিকেল পদত ১৩৬ জনে, কৃষি বিভাগত গেজেটেড অফিচাৰে ৰেংকত ২১১ জনে, পৰিবহণ বিভাত এম ভি আই হিচাপে ২২ জনে আৰু ১৪ জনে ভূমি সংৰক্ষণ বিভাগত লাভ কৰিব নিযুক্তি।

ইফালে প্ৰাথমিক শিক্ষকৰ পদত ৰাজ্যৰ বাহিৰৰ একাংশই নিযুক্তি লাভৰ অভিযোগ খণ্ডন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰি প্রাথমিক শিক্ষকৰ নিযুক্তিত অসমৰ বাহিৰৰ এজনো প্রাৰ্থী নাই। ২৫ মে’ৰ নিযুক্তি সমাৰোহৰ অন্তত ৰাজ্যত ২ নতুনকৈ নিযুক্তি লাভৰ সংখ্যা হ’বগৈ মুঠ ৮৯ হাজাৰ।

ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰা অনুসৰি কাট অফ মাৰ্ক একে থকাৰ বাবে আন এখন তালিকা প্রকাশ পাব। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে এই তালিকা প্ৰকাশ পাব। তৃতীয় বৰ্গৰ এই অতিৰিক্ত তালিকাত ১৯৮ গৰাকী আৰু চতুৰ্থ বৰ্গৰ তালিকাত ৬৩৭ গৰাকীৰ নাম সন্নিৱিষ্ট হৈছে।

আনহাতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অনুসৰি অভাৰলেপিং হোৱাৰ বাবে অতিৰিক্তভাৱে নিযুক্তি প্রদান কৰা হ’ব ২২,৫৬৫ গৰাকীক। ইয়াৰ বাবে জুলাই মাহত বিজ্ঞাপন প্ৰকাশ পাব। বিদ্যুত বিভাগ, কৃষি বিভাগ, অসম আৰক্ষী, স্বাস্থ্যকে ধৰি বিভিন্ন পদৰ বিজ্ঞাপন প্ৰকাশ পাব।

ইয়াৰ ভিতৰত গ্ৰামোন্নয়ন বিভাগত ১০০০, শিক্ষা বিভাগত ১০ হাজাৰ ২১৯, অসম আৰক্ষীত ২০০০, স্বাস্থ্য বিভাগত ৬০০ গৰাকীক নিযুক্তি প্ৰদান কৰা হ’ব। ৩য় বৰ্গৰ পদত ২৫১৯ গৰাকী চতুৰ্থ বৰ্গত  ১৩৪৭ গৰকীয়ে নিযুক্তি লাভ কৰিব।

উল্লেখ্য যে, ২৫ মে’ৰ নিযুক্তি সমাৰোহত সকলো নিযুক্তি প্রাৰ্থীকে ২.৩০ বজাত উপস্থিত হোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে সকলো প্ৰাৰ্থীয়ে তেওঁলোকৰ লগত নিজৰ একোখনকৈ পৰিচয় পত্ৰও লৈ আহিব লাগিব বুলি জনাইছে।

নিযুক্তিপ্ৰাপ্ত সকলোৱে অহা ১৫ জুনৰ ভিতৰত যোগদান কৰিব লাগিব।যদি কোনো প্ৰাৰ্থীয়ে নিৰ্ধাৰিত সময়ত যোগদান নকৰে তেন্তে তেওঁলোকক চাকৰি কৰাৰ বাবে অনিচ্ছুক বুলি বিবেচনা কৰা হ’ব।

২৫ মে'ত ৪৪ হাজাৰ ৭০৩ গৰাকীয়ে পাব নিযুক্তিঃ পুনৰ প্ৰকাশ পাব ২২,৫৬৫ টা পদৰ বিজ্ঞাপন...
মুখ্যমন্ত্ৰীৰ সাহায্য নিধিলৈ ৭০ হাজাৰ লোকৰ বৰঙণিঃ ২ লাখ হিতাধিকাৰী উপকৃত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in