মুখ্যমন্ত্ৰীয়ে চালে 'দ্যা কেৰালা ষ্ট'ৰী': হল বিচাৰি হাইৰান হোৱা অসমীয়া চিনেমাক লৈ কি হ'ব তেওঁৰ স্থিতি?

মুখ্যমন্ত্ৰীয়ে চালে 'দ্যা কেৰালা ষ্ট'ৰী': হল বিচাৰি হাইৰান হোৱা অসমীয়া চিনেমাক লৈ কি হ'ব তেওঁৰ স্থিতি?
মুখ্যমন্ত্ৰীয়ে চালে 'দ্যা কেৰালা ষ্ট'ৰী': হল বিচাৰি হাইৰান হোৱা অসমীয়া চিনেমাক লৈ কি হ'ব তেওঁৰ স্থিতি?

ডিজিটেল ডেস্কঃ অসমবাসীক 'দ্যা কেৰালা ষ্ট'ৰী' চাবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। পৰিয়ালৰ সদস্যসকলৰ সৈতে বিশেষকৈ নিজৰ কন্যাৰ সৈতে এই চিনেমাখন চাবলৈ আজি আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

পূৰ্বে ঘোষণা কৰাৰ দৰেই মুখ্যমন্ত্ৰীয়ে আজি মন্ত্ৰীসভাৰ সদস্য আৰু একাংশ বিধায়কৰ সৈতে গুৱাহাটীৰ পি ভি আৰ চিনেমা হলত বহু চৰ্চিত আৰু বিতৰ্কিত 'দ্যা কেৰেলা ষ্ট'ৰী' চিনেমাখন উপভোগ কৰিলে। চিনেমাখন উপভোগ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয়, এই চিনেমাখনৰ পৰা আমি বহু কথাই বুজিব পাৰিম।

তেওঁ অসমত বৃদ্ধি পোৱা সন্ত্ৰাসবাদৰ ঘটনা, লাভ জেহাদৰ ঘটনা কলিতে নিৰ্মূল কৰিবলৈ এই চিনেমাখন পৰিয়ালৰ সকলোৰে সৈতে উপভোগ কৰিব লাগে বুলিও বিশ্বাস কৰে বুলি উল্লেখ কৰে। লগতে তেওঁ কয়, এই চিনেমাখন কোনো জাতিৰ বিৰুদ্ধে নহয়, বৰঞ্চ সন্ত্ৰাসবাদৰ বিৰুদ্ধেহে।

একাংশ ৰাজ্যত চিনেমাখন নিষিদ্ধ কৰা সিদ্ধান্তক তেওঁ ভুল বুলিও উল্লেখ কৰে। ইয়াৰ লগতে তেওঁ চিনেমাখনৰ প্ৰযোজক, কলা, কুশলী আদিক কৃতজ্ঞতা জ্ঞাপন কৰি, সঁচা কাহিনীক নিৰ্ভয়ে ক'বলৈ আগবাঢ়ি অহা যুৱতীসকলক ধন্যবাদ জনায়।

উল্লেখ্য যে, এইগৰাকী মুখ্যমন্ত্ৰীয়েই এসময়ত 'দ্যা কাশ্মীৰ ফাইলছ' চিনেমাখন কেবিনেট সতীৰ্থৰ সৈতে উপভোগ কৰাৰ লগতে এই চিনেমাখনৰ সপক্ষে প্ৰচাৰ চলাইছিল। সেই একেগৰাকী মুখ্যমন্ত্ৰীয়ে দুদিন পূৰ্বে 'দ্যা কেৰালা ষ্ট'ৰী'ৰ প্ৰচাৰ নচলাও বুলি কৈ আজি সকলোকে এই চিনেমাখন উপভোগ কৰিবলৈ আহ্বান জনাই চিনেমাখনৰ প্ৰচাৰ চলালে।

কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে আজিৰ মাত্ৰ কেইটামান দিনৰ পূৰ্বে ৰবি শৰ্মা অভিনীত এখন চিনেমা 'ব্লেক এণ্ড হোৱাইট' চিনেমাহলৰ অভাৱত ভূগিছিল। তাৰ মাজতে যি কেইটা চিনেমাহলত চিনেমাখন প্ৰদৰ্শনীৰ সুযোগ পাইছিল তাতো বৈষম্যৰ বলি হৈছিল।

একেই সমস্যাত ভূগিছিল 'অনুৰ' নামৰ আন এখন অসমীয়া চিনেমাই। এই চিনেমা দুখনৰ প্ৰতি দৰ্শক আকৃষ্ট হৈছিল যদিও চিনেমা হলত প্ৰদৰ্শনৰ সুযোগ নাপালে বুলি ক'লেও বঢ়াই কোৱা নহ'ব।

সেই সময়ত অৱশ্যে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া নাছিল মুখ্যমন্ত্ৰীৰ। আনহে নালাগে ৰাজ্যত এখন চলচ্চিত্ৰ নীতি আছে যদিও সেই নীতি কিমান ফলপ্ৰসু হৈছে সেয়া এইবোৰ সমস্যাৰ পৰাই উপলব্ধি কৰিব পাৰি।

বলিউডৰ বিতৰ্কিতই হওক বা জনপ্ৰিয়ই হওক চিনেমাৰ সপক্ষে প্ৰচাৰ কৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে অসমীয়া চিনেমাৰ বাবে এইদৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হোৱা নাই। তাৰ মাজতে অৱশ্যে শ্বাহৰুখ খান অভিনিত 'পাঠান' চিনেমাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে সেই সময়ত অসমত মুক্তি লাভ কৰা 'ডাঃ বেজবৰুৱা-২' চিনেমাখনৰ কথা তেওঁ সংবাদ মাধ্যমত উল্লেখ কৰিছিল।

শৈশৱতে নিজেই অসমীয়া চিনেমাত অভিনয় কৰি ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হোৱা এতিয়াৰ মুখ্যমন্ত্ৰী ড০ শৰ্মাই বলিউডৰ চিনেমা 'দ্যা কাশ্মীৰ ফাইলছ', 'দ্যা কেৰালা ষ্ট'ৰী' কেবিনেট সতীৰ্থ, দলীয় বিধায়কৰ সৈতে গৈ উপভোগ কৰাৰ দৰেই অসমীয়া চিনেমা উপভোগ কৰিবনে? অসমীয়া চিনেমা চাবলৈ এইদৰে আহ্বান জনাবনে? আগন্তুক সময়ত এই বিষয়টো হ’ব লক্ষণীয়।

মুখ্যমন্ত্ৰীয়ে চালে 'দ্যা কেৰালা ষ্ট'ৰী': হল বিচাৰি হাইৰান হোৱা অসমীয়া চিনেমাক লৈ কি হ'ব তেওঁৰ স্থিতি?
মৃতদেহ সংৰক্ষণ কৰা ফৰ্মেলিন চালানী মাছত ব্যৱহাৰ ! সেই মাছ খাই ২০০ লোক অসুস্থ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in