মৃতদেহ সংৰক্ষণ কৰা ফৰ্মেলিন চালানী মাছত ব্যৱহাৰ ! সেই মাছ খাই ২০০ লোক অসুস্থ...

মৃতদেহ সংৰক্ষণ কৰা ফৰ্মেলিন চালানী মাছত ব্যৱহাৰ ! সেই মাছ খাই ২০০ লোক অসুস্থ...
মৃতদেহ সংৰক্ষণ কৰা ফৰ্মেলিন চালানী মাছত ব্যৱহাৰ ! সেই মাছ খাই ২০০ লোক অসুস্থ...

ডিজিটেল ডেস্কঃ যি সময়ত ৰাজ্যত ফৰ্মেলিনযুক্ত মাছক লৈ চৰ্চা অব্যাহত আছে আৰু এই বিষয়টো উচ্চ ন্যায়ালয়ৰ মজিয়াত উঠিছেগৈ সেই সময়তে চালানী মাছ খাই প্ৰায় ২০০ লোক অসুস্থ হৈ পৰা এক ঘটনা সংঘটিত হৈছে। ঘটনাৰ বিৱৰণ অনুসৰি গোৱালপাৰা জিলাৰ ধূপধৰাৰ মৰিয়ামপুৰত খাদ্যত বিষক্ৰিয়া হৈ প্ৰায় ২০০ জন লোক অসুস্থ হৈছে।

এগৰাকী বৃদ্ধাৰ শ্ৰাদ্ধৰ অনুষ্ঠানত ভোজভাত খোৱাৰ পাছতে এই লোকসকল অসুস্থ হৈ পৰে। জানিব পৰা মতে অসুস্থ হোৱা এই লোকসকলে ভোজভাতৰ লগত দিয়া চালানী মাছ খাইছিল।

সেই অনুষ্ঠানটোত মাছ নোখোৱা লোকসকল অৱশ্যে সম্পূৰ্ণ সুস্থ হৈ আছে। যাৰ বাবে চালানী মাছ খায়েই যে তেওঁলোক অসুস্থ হৈ পৰিছে সেই কথা নিশ্চিত হৈছে। অসুস্থ হোৱা এই ২০০ লোকৰ ভিতৰত আছে শিশু, মহিলা যুৱক, বৃদ্ধকে ধৰি বিভিন্ন শ্ৰেণীৰ লোক।

বুধবাৰে সংঘটিত হোৱা এই ঘটনাৰ পাছতে অসুস্থ লোকসকলক নিশাই গোৱালপাৰা, বকো, ধূপধৰা, ৰংজুলি আদি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইফালে এই ঘটনা সংঘটিত হোৱাৰ পাছতে সমগ্ৰ গোৱালপাৰাতে চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনা সন্দৰ্ভত চালানী মাছ যোগান ধৰা ব্যৱসায়ীগৰাকীক আৰক্ষীয়ে সোধাপোছা কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে। প্ৰকাশ্য, বহিঃৰাজ্যৰ ফৰ্মেলিনযুক্ত চালানী মাছে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাটো নিশ্চিত হোৱাৰ পাছতো ৰহস্যজনক কাৰণত আজিও অসম চৰকাৰে বন্ধ কৰা নাই চালানী মাছৰ আমদানি৷

অতি শেহতীয়াকৈ নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ গৱেষণাত চালানী মাছত মাৰাত্মাক বৰবিহস্বৰূপ ফৰ্মেল- ডি-হাইডৰ ১৫ শতাংশ পৰ্যন্ত অৱস্থিতি ধৰা পৰিছিল। তাৰ পাছতো ৰাজ্যৰ বজাৰত অবাধে মুকলিকৈ বিক্ৰী হৈ আছে চালানী মাছ৷

মন কৰিবলগীয়া যে, মানুহৰ মৃতদেহ সংৰক্ষণৰ বাবে গেলি-পচি নাযাবলৈ ফৰ্মেলিন ব্যৱহাৰ কৰা হয়। এই ফৰ্মেলিনকেই বহিঃৰাজ্যৰ পৰা অহা মাছত ব্যৱহাৰ কৰি দীৰ্ঘ সময়লৈ বেয়া নোহোৱাকৈ ৰাখি জনস্বাস্থ্যলৈ পিঠি দি বিক্ৰী কৰি আহিছে অসাধু ব্যৱসায়ীয়ে।

চিকিৎসকৰ মতে এনে ফৰ্মেলিনযুক্ত চালানী মাছে মানুহৰ দেহত কৰ্কট ৰোগৰ সৃষ্টি কৰিব পাৰে। এই ফৰ্মেলিন ইমানেই বিষাক্ত যে, এজন সুস্থ ব্যক্তিয়ে মাত্ৰ ৩০ এম এল ফৰ্মেলিন সেৱন কৰিলেই মৃত্যু হোৱাটো নিশ্চিত৷

কিন্তু এনে বৰবিহস্বৰূপ ফৰ্মেলিন ব্যৱহৃত চালানী মাছ নিতৌ কানপুৰ, অন্ধপ্ৰদেশৰ পৰা অসমলৈ আহি থকাৰ পাছতো ৰহস্যজনক কাৰণতে ব্যৱস্থা ল’ব বিচৰা নাই ৰাজ্য চৰকাৰে৷ যাৰ পৰিণতিত গোৱালপাৰাত সংঘটিত হল এই খাদ্যৰ বিষক্ৰিয়া।  

মৃতদেহ সংৰক্ষণ কৰা ফৰ্মেলিন চালানী মাছত ব্যৱহাৰ ! সেই মাছ খাই ২০০ লোক অসুস্থ...
হিংসা জৰ্জৰ পাকিস্তানঃ ৮ জনৰ মৃত্যু, গ্ৰেপ্তাৰ ১০০০ ৰো অধিক, ভাঙি চুৰ-মাৰ চৰকাৰী কাৰ্যালয়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in