কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভৱৱন্ত মান...

তিনিচুকীয়াৰ টিংৰাইত নিৰ্বাচনী সভা, বিশ্বনাথত ৰোডশ্ব'ত অংশগ্ৰহণ কৰিব নেতাগৰাকীয়ে

author-image
Asomiya Pratidin
New Update
কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভৱৱন্ত মান...

কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভৱৱন্ত মান...

ডিজিটেল সংবাদ গুৱাহাটীঃ প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ শুকুৰবাৰে অসমত উপস্থিত হ'ব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান। দুদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব পঞ্জাবৰ আম আদমী পাৰ্টিৰ চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী।

Advertisment

আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰৰ প্ৰচাৰৰ বাবে তিনিচুকীয়া জিলাৰ টিংৰাইত নিৰ্বাচনী সমাবেশত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী মানে। দুপৰীয়া ১ বজাত টিংৰাইৰ বঙালী বালিজানত অনুষ্ঠিত হ'ব নিৰ্বাচনী সমাবেশ।

দ্বিতীয় দিনা অৰ্থাৎ ১৩ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ভগৱন্ত মানে। দিনৰ ১২ বজাত অনুষ্ঠিত হ'ব ৰোড শ্ব' কাৰ্যসূচী। দলৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নিৰ্বাচনী প্ৰচাৰৰ হকে অনুষ্ঠিত হ'বলগীয়া ৰোড শ্ব' কাৰ্যসূচী মুকলি কৰিব পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

১৩ তাৰিখ শনিবাৰে সামৰণি পৰিব মুখ্যমন্ত্ৰী মানৰ দুদিনীয়া ভ্ৰমণসূচী। মুখ্যমন্ত্ৰী মানৰ এই দুদিনীয়া ভ্ৰমণসূচীৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই ।

উল্লেখ্য যে আপৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীৰ তিনিদিনীয়া ভ্ৰমণসূচী তথা নিৰ্বাচনী প্ৰচাৰে অসমবাসীৰ পৰা ব্যাপক সঁহাৰি লাভৰ পাছতে অসমলৈ আহি আছে পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ।

Also Read: গুৱাহাটী প্ৰেছ ক্লাৱত জয়ৰাম ৰমেশৰ সংবাদমেল:'দেশত মোদীৰাজৰ বিৰুদ্ধে গোপন বতাহ বলি আছে'

লোকসভা নিৰ্বাচন আপ ভগৱন্ত মান