গুৱাহাটী প্ৰেছ ক্লাৱত জয়ৰাম ৰমেশৰ সংবাদমেল:'দেশত মোদীৰাজৰ বিৰুদ্ধে গোপন বতাহ বলি আছে'

৪ জুনত ২০০৪ চনৰ ফলাফলৰ পুনৰাবৃত্তি হ’ব

author-image
Asomiya Pratidin
New Update
গুৱাহাটী প্ৰেছ ক্লাৱত জয়ৰাম ৰমেশৰ সংবাদমেল:'দেশত মোদীৰাজৰ বিৰুদ্ধে গোপন বতাহ বলি আছে'

গুৱাহাটী প্ৰেছ ক্লাৱত জয়ৰাম ৰমেশৰ সংবাদমেল:'দেশত মোদীৰাজৰ বিৰুদ্ধে গোপন বতাহ বলি আছে'

ডিজিটেল সংবাদ গুৱাহাটীঃ '২০০৪ চনত নিৰ্বাচন মাত্ৰ ২০ দিনতে সম্পন্ন হৈছিল। কিন্তু এতিয়া ডিজিটেল ইণ্ডিয়াৰ যুগত ৪০ দিন ধৰি দেশত নিৰ্বাচন চলিছে। এয়াই হৈছে মোদী চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ প্ৰকৃত স্বৰূপ।' গুৱাহাটী প্ৰেছ ক্লাৱত আজি অনুষ্ঠিত এক সংবাদমেলত এইদৰে মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে।

Advertisment

এই সংবাদমেলত নেতাগৰাকীয়ে কংগ্ৰেছৰ পঞ্চ ন্যায় ক্ৰমে যুৱ ন্যায়, নাৰী ন্যায়, কৃষক ন্যায়, শ্ৰমিক ন্যায়, অংশীদাৰিত্বৰ ন্যায় আৰু ২৫টা গেৰাণ্টিৰ কথা উল্লেখ কৰে। মোদী চৰকাৰৰ ১০ বছৰীয়া অন্যায় কালৰ পৰা দেশবাসীক মুক্তি দিবলৈকে কংগ্ৰেছে এই পঞ্চ ন্যায় আৰু ২৫ টা গেৰাণ্টি দাঙি ধৰিছে বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে।

তেওঁ কয়, 'সমগ্ৰ দেশৰ প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈ আমি গেৰাণ্টি কাৰ্ড বিতৰণ কৰিছো। অসমতো ২১ লাখ পৰিয়ালৰ ঘৰে ঘৰে গেৰাণ্টি কাৰ্ড পোৱাৰ ব্যৱস্থা কৰিছো। এয়া হৈছে কংগ্ৰেছ দলৰ গেৰাণ্টি। এয়া কোনো ব্যক্তি বিশেষৰ গেৰাণ্টি নহয়।’

এইবাৰৰ নিৰ্বাচন গণতন্ত্ৰ, সংবিধান আৰু ভাৰতৰ বৈচিত্ৰ্যতা ৰক্ষাৰ নিৰ্বাচন বুলিও তেওঁ মন্তব্য কৰে। 'প্ৰধানমন্ত্ৰীয়ে কৈছে যে যোৱা ১০ বছৰত যি হৈছে সেয়া তেওঁৰ ট্ৰেইলাৰ। আচল চিনেমা হেনো এতিয়াও বাকী আছেই। আমি ক’ব বিচাৰিছো যে, মণিপুৰ এক ট্ৰেইলাৰ আছিল। ১১ মাহ পূৰ্বে মণিপুৰত যি হৈছিল সেয়া হৈছে ট্ৰেইলাৰ। এইবাৰ মোদী জয়ী হ’লে ধৰ্ম, জাতি, ভাষা, অঞ্চলৰ নামত সমাজক ভাগ ভাগ কৰা সেই ট্ৰেইলাৰ সমগ্ৰ দেশতে বিয়পি পৰিব। বিদেশৰ কথা কৈ বিদেশত ঘূৰি ফুৰা মোদীয়ে মণিপুৰলৈ এবাৰো নাহিল। মণিপুৰক লৈ মোদীয়ে আজিও মৌনতা ভংগ কৰা নাই।’-জয়ৰাম ৰমেশে কয়।

সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, যি সময়ত চীনে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি আগ্ৰাসন অব্যাহত ৰাখিছে আৰু প্ৰধানমন্ত্ৰীয়ে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে ঝোলনাত উঠি হাঁহি হাঁহি কথা পাতি ফুৰিছে সেই সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে ১৯৬২ চনৰ কথা ভুলকৈ প্ৰচাৰ কৰাতো মুঠেই যুক্তিসংগত নহয়। ইতিহাসৰ কথা ভুলকৈ উপস্থাপন কৰাটোৱেই বিজেপি আৰু আৰএছএছৰ কাম বুলিও তেওঁ উল্লেখ কৰে।

অনহাতে বিৰোধী ঐক্য মঞ্চত থকা দল চিপিআইএমৰ প্ৰাৰ্থী থকাৰ পিছতো বৰপেটা সমষ্টিত কিয় কংগ্ৰেছে টিকট দিলে বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰমেশে কয় যে, তেনে হ'ব নালাগিছিল যদিও উক্ত সমষ্টিটোৰ লগতে পশ্চিমবংগ তথা আন কেবাখনো ৰাজ্যত ইণ্ডিয়া এলায়েন্সৰ অংশীদাৰ দলৰ সৈতে বিভিন্ন কাৰণত বন্ধুত্বসূলভ নিৰ্বাচনী প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’বলগীয়া হৈছে।

৪ জুনত ২০০৪ চনৰ লোকসভা নিৰ্বাচনৰ পুনৰাবৃত্তি হ'ব বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে সংবাদমেলত মন্তব্য কৰে। ৪ জুনত ফলাফলৰ লগে লগে অসম তথা উত্তৰ-পূবৰ বাকী ৰাজ্যকেইখনৰ আঞ্চলিক দলসমূহে কংগ্ৰেছৰ দুৱাৰত ভিৰ কৰিব বুলিও তেওঁ কয়। তেওঁ আৰু কয় যে, দল এৰি যোৱা সুবিধাবাদী নেতাসকলেও তেতিয়া উভতি আহিবলৈ চেষ্টা চলাব যদিও কংগ্ৰেছক এইবাৰ তেনে সুবিধাবাদী নেতাৰ কোনো প্ৰয়োজনেই নহ’ব।

আজিৰ সংবাদমেলত কংগ্ৰেছ নেতাগৰাকীয়ে ইলেক্ট’ৰেল বণ্ড, নিবনুৱা সমস্যা, জিএছটিক লৈয়ো মোদী চৰকাৰক আক্ৰমণ কৰে। চান্দা দিয়া, ধাণ্ডা লোৱা নীতিৰে মোদীয়ে চৰকাৰ চলাই আছে বুলিও তেওঁ অভিযোগ কৰে। অসমত জিএছটিৰ লগতে এইছএছটিও ৰাইজে দিবলগীয়া হৈছে বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে।

এই সকলোবোৰৰ মুক্তি পাবলৈ দিল্লীৰ মেইন ইঞ্জিন সলনি কৰিবলৈ তেওঁ আহ্বান জনায়। তেওঁ কয় যে, দিল্লীৰ মেইন ইঞ্জিন সলনি কৰিলে অসমতো সকলো সলনি হৈ পৰিব। বিজেপিৰ ডাবোল ইঞ্জিন চৰকাৰৰ ইন্ধন চান্দা আৰু ধান্দা বুলিও তেওঁ কয়। বেংক একাউণ্ট বন্ধ কৰা, ৱাশ্বিং মেচিন লগাই নেতা কাঢ়ি নিয়াকে ধৰি কংগ্ৰেছ দলক দুৰ্বল কৰিবলৈ বিভিন্ন প্ৰকাৰে ভয়-ভাবুকি দিয়া হৈছে যদিও কংগ্ৰেছে সেইবোৰলৈ ভয় নকৰে বুলিও স্পষ্ট কৰি দিয়ে।

বিজেপিৰ ৪০০ পাৰৰ শ্ল’গান কোনোপধ্যে সম্ভৱ নহয় আৰু দেশৰ জনতাই এনে শ্ল’গানক বিশ্বাস নকৰে বুলিও কয়। তেওঁ কয়, 'দেশত এতিয়া আণ্ডাৰকাৰেণ্ট চলি আছে। এই আণ্ডাৰকাৰেণ্ট টিভি, বাতৰি কাকত, ছ’চিয়েল মিডিয়াত দেখিবলৈ পোৱা নাযায়। জনতাই এইবাৰ ভিতৰি ভিতৰি মোদীৰ অন্যায় কালৰ পৰা মুক্তি পাবলৈ ঠিৰাং কৰি লৈছে। গতিকে চাৰিশ পাৰৰ শ্ল’গানে কোনো কাম নিদিয়ে। আণ্ডাৰকাৰেণ্টৰ কথা জানিব পাৰি ভয়তে মোদীয়ে এনে শ্ল’গান দি ফুৰিছে।’

কংগ্ৰেছ দুৰ্বল হৈছে বুলি মুখ্যমন্ত্ৰীয়ে চলাই থকা প্ৰপাগাণ্ডামূলক প্ৰচাৰক কোনো গুৰুত্ব দিয়াৰ প্ৰয়োজন নাই বুলিও তেওঁ কয়। তেওঁ কয়, 'কংগ্ৰেছ দল এতিয়া নতুন হৈ পৰিছে। এতিয়া কংগ্ৰেছত কোনো সুবিধাবাদী নেতাৰ স্থান নাই। এতিয়া কংগ্ৰেছৰ আদৰ্শ আৰু বিচাৰধাৰাক মনে-প্ৰাণে ভালপোৱা লোকসকলে দলটোক আগতকৈ আৰু শক্তিশালী কৰি তুলিব। ৱাশ্বিং মেচিনত সোমোৱা নেতাৰ কথাত ৰাইজে এতিয়া আৰু ভোল নাযায়।’

Also Read: বটদ্ৰৱাত ঈদৰ নামাজ পঢ়িবলৈ গৈ চোৰ কৰিলে বাইকঃ এজনক গ্ৰেপ্তাৰ...

কংগ্ৰেছ গুৱাহাটী প্ৰেছ ক্লাব জয়ৰাম ৰমেশ