পুনৰ গুৱাহাটীত অট্টালিকাৰ পৰা পৰি দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু...

পুনৰ গুৱাহাটীত অট্টালিকাৰ পৰা পৰি দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু...
পুনৰ গুৱাহাটীত অট্টালিকাৰ পৰা পৰি দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু...

ডিজিটেল ডেস্কঃ পুনৰ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। এটা অট্টালিকাৰ পৰা পৰি মৃত্যু হৈছে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী।

এই ঘটনা সংঘটিত হৈছে আদাবাৰীত। জানিব পৰা মতে গকুল নিবাস নামৰ অট্টালিকাটোৰ সপ্তম মহলাৰ পৰে পৰিছিল ছাত্ৰীগৰাকী।

অৱশ্যে ছাত্ৰীগৰাকী কিদৰে অট্টালিকাটোৰ পৰা পৰিল সেই কথা জানিব পৰা হোৱা নাই। এয়া এক দুৰ্ঘটনা নে আন কিবা সেয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় আৰক্ষীয়ে। ঘটনাস্থলী পৰিদৰ্শন কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত।

নিহত ছাত্ৰীগৰাকী আছিল বৰঝাৰস্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ছাত্ৰী।

পুনৰ গুৱাহাটীত অট্টালিকাৰ পৰা পৰি দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যু...
কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত বিজ্ঞান ভিত্তিত মাকৈ খেতিৰ প্ৰশিক্ষণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in