কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত বিজ্ঞান ভিত্তিত মাকৈ খেতিৰ প্ৰশিক্ষণ...

কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত বিজ্ঞান ভিত্তিত মাকৈ খেতিৰ প্ৰশিক্ষণ...
কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত বিজ্ঞান ভিত্তিত মাকৈ খেতিৰ প্ৰশিক্ষণ...

ডিজিটেল ডেস্কঃ কামৰূপ জিলা কৃষি কাৰ্যালয়ৰ অধীনত এপাৰ্টে সোমবাৰে ICAR-IIMR সহযোগত আমিনগাওঁস্থিত যুৱ উন্নয়ন কেন্দ্ৰৰ প্ৰেক্ষাগৃহত বিজ্ঞান ভিত্তিত মাকৈ খেতিৰ ওপৰত এক বিশেষ কাৰিকৰী প্ৰশিক্ষণৰ আয়োজন কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ প্ৰায় ৩০ গৰাকী প্ৰগতিশীল কৃষক উপস্থিত থাকি প্ৰশিক্ষণ গ্ৰহণ কৰে।

এই উন্নত প্ৰশিক্ষণৰ কাৰ্যসূচীয়ে কৃষকসকলক মাকৈ খেতিৰ বাবে মাটি কেনেদৰে প্ৰস্তুত কৰিব লাগে, উন্নত মানদণ্ডৰ বীজ ব্যৱহাৰ আৰু এনে বীজ ৰোপণ প্ৰক্ৰিয়া, দুজোপা মাকৈৰ গছৰ মাজৰ দুৰত্ব, সাৰ আৰু কীটনাশকৰপ ব্যৱহাৰ আদিৰ বিষয়ে কাৰিকৰী প্ৰশিক্ষণ প্ৰদান কৰে।

এই অনুষ্ঠানতে কৃষি বিজ্ঞানীসকলে কৃষকসকলৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে। তেওঁলোকে কৃষকসকলক মাকৈৰ খেতিৰ চাহিদা আৰু বজাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰো প্ৰয়াস কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত ক্ৰমে কামৰূপ আৰু নলবাৰী জিলাৰ গৱেষণা সহযোগী (মাকৈ) বিশাল আহলাৱত আৰু শ্যামলী মহাজন, উপ-বিভাগীয় কৃষি বিষয়া মানস প্ৰতিম মহন্ত, ব্যৱসায় সমন্বয়ক দিবাকৰ মোহুদি আৰু অন্যান্য বিষয়াসকল উপস্থিত থাকে।

কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত বিজ্ঞান ভিত্তিত মাকৈ খেতিৰ প্ৰশিক্ষণ...
জখলাবন্ধাত 'কামাখ্যাৰ অতিথি' শীৰ্ষক তথ্যচিত্ৰ মুকলি...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in