/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/6d7502ab-c3f2-4cad-ac01-5382cf83c15f/AP_FOR_WEB_drugs.jpg)
পুনৰ মহানগৰীত ৮০ লাখ টকাৰ ড্ৰাগছ জব্দ...
ডিজিটেল ডেস্কঃ অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যিমানেই অভিযান চলাইছে, ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি জে'ললে প্ৰেৰণ কৰিছে সিমানেই বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহৰ ঘটনা। ড্ৰাগছৰ পয়োভৰ হ্ৰাস হোৱাৰ সলনি দিনক দিনে যেন বৃদ্ধিহে পাইছে।
দৈনিক ড্ৰাগছ উদ্ধাৰ আৰু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা ঘটনাই এই কথাকেই প্ৰমাণ কৰিছে। চাৰিওফালে নিৰাপত্তাৰক্ষীয়ে বেৰি থকা গুৱাহাটীতো প্ৰায় প্ৰতিদিনেই উদ্ধাৰ হৈছে ড্ৰাগছ।
আজিও গুৱাহাটীৰ হাতীগাঁৱত আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমাণৰ ড্ৰাগছ। গুৱাহাটীৰ লক্ষ্মীনগৰৰ ৫৭ নং গৃহত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে ৮০০ গ্ৰাম ব্ৰাউন ছুগাৰ।
ইয়াৰোপৰি আৰক্ষীয়ে জব্দ কৰিছে ৭.৪৯ লাখ টকাসহ এখন বিলাসী বাহন। জানিব পৰা মতে জব্দ কৰা ব্ৰাউন ছুগাৰখিনিৰ নিষিদ্ধ বজাৰত আনুমানিক মূল্য হ'ব প্ৰায় ৮০ লাখ টকা।
আৰক্ষীয়ে চলোৱা এই অভিযানত অৱশ্যে কোনো এজন লোককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ'ল। আৰক্ষী অহাৰ উমান লাভ কৰি পূৰ্বেই পলায়ন কৰিছে ড্ৰাগছ সৰবৰাহকাৰী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us