বিজয়া দশমীৰ দিনাই হেঙৰাবাৰীত চাঞ্চল্যকৰ ঘটনা

বিজয়া দশমীৰ দিনাই হেঙৰাবাৰীত চাঞ্চল্যকৰ ঘটনা

ডিজিটেল ডেস্ক : দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে মহানগৰীৰ হেঙৰাবাৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হেঙেৰাবাৰীত উদ্ধাৰ কৰা হৈছে তেজেৰে লুতুৰি-পুতুৰি হৈ থকা এটা মৃতদেহ।

হেঙৰাবাৰী এল পি স্কুলৰ সমীপত উদ্ধাৰ কৰা হৈছে মৃতদেহটো। ৰাইজে সন্দেহ কৰা মতে কোনো দুৰ্বৃত্তই হানি-খুচি লোকজনক হত্যা কৰা হৈছে। ইফালে নিহত লোকজনৰ নাম খগেন দাস। তেওঁ পেচাত ই-ৰিস্কা চালক বুলি জানিব পৰা গৈছে।

এই ঘটনাৰে তিলেশ্বৰ নামৰ এজন ব্যক্তিৰ নাম সাঙোৰ খাইছে। অভিযুক্ত তিলেশ্বৰ পেচাত ই-ৰিস্কা চালক। বিজয়া দশমীৰ দিনাই সংঘটিত হোৱা এই ঘটনাই জোকাৰি গৈছে সমগ্ৰ মহানগৰ বাসীক। ইফালে এই ঘটনাৰ প্ৰকৃত ৰহস্য আৰক্ষীৰ তদন্তৰ পাছতহে পোহলৈ আহিব।

বিজয়া দশমীৰ দিনাই হেঙৰাবাৰীত চাঞ্চল্যকৰ ঘটনা
ক্ৰমাৎ সুস্থ হৈ উঠিছে হাৰ্ডিক পাণ্ডিয়া

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in