/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/db28c6b6-2bd1-4f96-844a-307f630beb2f/AP_FOR_WEB_new.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : শুকুৰবাৰে দিশপুৰ প্ৰেছ ক্লাৱৰ সভাকক্ষত আসাম লুতাদ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলন "প্ৰতিধ্বনি" শুভ উন্মোচন কৰা হয় । এই উপলক্ষে আয়োজিত সভাখনি উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক "সাহিত্য কোঁৱৰ" কমল কলিতাই।
কমল কলিতাই কয়- বৰ্তমান সময়ৰ চুটিগল্পৰ গতিধাৰাৰ ওপৰত আলোকপাত কৰে। গ্ৰন্থখনি উন্মোচন কৰি আকাশবাণী আৰু দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূব ভাৰতৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক প্ৰধান দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়- "অসমীয়া ভাষাত লিখা মিছিং জনগোষ্ঠীৰ লেখিকা চিত্ৰলেখা টায়ে মিলিৰ গল্প সংকলনখনিয়ে অসমীয়া ভাষা-সাহিত্যৰ ভৰাঁল টনকিয়াল কৰিব।
নাৰী সমাজৰ মাজত আজিৰ পৰা এক বিশেষ পাব লেখিকা টায়ে মিলিয়ে।গল্পৰ মাজেদি সমাজত ঘটি থকা এখন ছৱি দাঙি ধৰিলে উৎকৃষ্ট গল্প হয় ।" আসাম লুতাদৰ সম্পাদক ড০ অৰিন্দম প্ৰিন্স পাংগিংয়ে আঁত ধৰা সভাত বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য দীপক শৰ্মাই কয়- "আমি প্ৰতিটো জাতি, জনাজাতি, জনগোষ্ঠী, উপজাতি সকলোৱে ইজনে-আনজনক হাতে হাত ধৰি আগুৱাই নিয়াৰ পৰিকল্পনা কৰিব লাগে । ভাষা অন্তৰায় নহয়। মাথোঁ, সাহস,অধ্যয়ন, অধ্যাৱসায় থাকিলে ভাল লেখক হ'ব পাৰে ।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/4e561ba3-fba3-4209-a330-a9bf1ec77a5c/cb96a2ca_e3f7_4263_ac68_d9a7c3fee107.jpg)
সন্মানীয় অতিথি হিচাপে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, মিছিং সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক হৰেন্দ্ৰ নাথ দলেই অংশ লয় । অনাতাঁৰ শিল্পী অৱনী মিলি আৰু ধৰণী তাৱয়ে হৃদয়স্পৰ্শীকৈ গীত গোৱা সভাত আয়াৰলেণ্ডৰ বিজ্ঞানী ওয়েন দালে, দিশপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সীতাৰাম দলে, পদ্মলাল পাতিৰি আৰুপদ্মেশ্বৰ পেগুয়ে বক্তব্য দাঙি ধৰে লেখিকাৰ শলাগ লয় ।
Also Read: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই সুদখোৰৰ বিৰুদ্ধে তৎপৰ দৰং আৰক্ষী