মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই সুদখোৰৰ বিৰুদ্ধে তৎপৰ দৰং আৰক্ষী

একে দিনাই ১২ জন সুদখোৰক আটক কৰিবলৈ সক্ষম হয়

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই সুদখোৰৰ বিৰুদ্ধে তৎপৰ দৰং আৰক্ষী

ডিজিটেল সংবাদ,মঙলদৈ : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই সুদখোৰৰ বিৰুদ্ধে তৎপৰ হৈ উঠিছে দৰং আৰক্ষী। একেদিনাই ১২ জন সুদখোৰক দৰং আৰক্ষীয়ে আটক কৰে। সমগ্ৰ অঞ্চলজুৰি আৰক্ষীয়ে সুদ খোৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলে।

Advertisment

আৰক্ষীৰ এই অভিযানৰ ফলস্বৰূপে একে দিনাই ১২ জন সুদখোৰক আটক কৰিবলৈ সক্ষম হয়। অভিযোগ অনুসৰি জিলাখনত থকা সুদখোৰসকলে বিভিন্ন ধৰণে মানুহক হাৰাশাস্তি কৰি আহিছে।

ইতিমধ্যে আৰক্ষীয়ে উক্ত অভিযানত নগদ ৮লাখ ৭০হাজাৰ টকা আৰু চেক বহী,উকা দলিল আদিকে ধৰি বিভিন্ন নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আটক কৰা ধৃত সুদখোৰসকলৰ ভিতৰত আছে - ইদু আলি,বদুমিঞা,মাজাম আলি,চাইদুৰ আলি,আজাহাৰ আলি,জনৈক হাচান,চুভান আলি,গোলাম চৰোৱাৰ আৰু হামিদুৰ ৰহমান।

Also Read: বিলাসীপাৰাৰ বৰকান্দা পৰীক্ষা কেন্দ্রত অঘটন

mangaldai police Assam police MANGALADAI