/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1d26b378-1a25-40b1-860a-1ac13281bd08/umakanto_ap_web.jpg)
ডিজিটেল ডেস্ক : টোকাৰী গীতৰ সম্ৰাটৰূপে খ্যাত তথা সংগীত নাটক একাডেমী বঁটা প্ৰাপক উমাকান্ত বৈৰাগী অসমৰ লোক-সংস্কৃতিৰ এগৰাকী প্ৰখ্যাত শিল্পী। ১৯৪২ চনত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে সৰুৰ পৰাই ককাদেউতাকক দেখি টোকাৰী গীত আৰু দোতোৰাৰ প্ৰতি আকৃষ্ট হৈছিল।
সংগীতৰ বাবেই তেওঁ প্ৰত্যাখ্যান কৰিছিল সৈনিকৰ চাকৰি। তেওঁৰ শিল্পী প্ৰতিভাৰ বাবে ১৯৬৯ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই নিয়মীয়া শিল্পীৰূপে স্বীকৃতি দিয়ে ৷
কেইবা দশক ধৰি টোকাৰী গীত গাই অসমীয়া লোক-সংকৃতিৰ ভৰাঁল চহকী কৰা এইগৰাকী শিল্পী সম্প্ৰতি অসুস্থ হৈ পৰিছে। অসুস্থতাত ভুগি থকা শিল্পী উমাকান্ত বৈৰাগীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১ লাখ টকাৰ সাহায্য আগবঢ়াইছে ।
কেৱল সেয়ে নহয়, বিগত বৰ্ষৰ ডিচেম্বৰৰ পৰা অসুস্থ শিল্পীগৰাকীৰ চিকিৎসা প্ৰদানৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰি আহিছে ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে । মহানগৰীৰ হেঙেৰাবাৰীৰ কাঞ্চন নগৰৰ নিজা বাসগৃহত সম্প্ৰতি শয্যাগত লোক সংগীতৰ সাধক উমাকান্ত বৈৰাগী ।
উল্লেখ্য যে শিল্পীগৰাকীয়ে ২০১৩-১৪ চনৰ সংগীত-নাটক একাডেমী বঁটা লাভ কৰাৰ উপৰিও অসম চৰকাৰৰ শিল্পী পেন্সন আদিৰে সন্মানিত হৈছে।
Also Read: সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ স্মৃতিচাৰণ সভাৰ আয়োজন