সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ স্মৃতিচাৰণ সভাৰ আয়োজন

সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ স্মৃতিচাৰণ সভাৰ আয়োজন

author-image
Asomiya Pratidin
New Update
সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ স্মৃতিচাৰণ সভাৰ আয়োজন

ডিজিটেল সংবাদ,বটদ্ৰৱা : পশ্চিম শিলপুখুৰী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ,সত্ৰীয়া সংস্কৃতিৰ অন্যতম সাধক আৰু গণিতজ্ঞ লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীৰ স্মৃতিত অহা ১ আগষ্ট ২০২৩ মঙ্গলবাৰে শ্ৰী শ্ৰী নৰোৱা কুজিসত্ৰৰ বাসগৃহত স্মৃতিচাৰণ আৰু বছেৰেকীয়া শ্ৰাদ্ধানুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ গণিতজ্ঞ লক্ষ্মী প্ৰসাদ দেৱ গোস্বামীয়ে যোৱা বৰ্ষৰ ১ আগষ্টত দুৰ্ঘটনাত পতিত হৈ আকস্মিকভাৱে মৃত্যুবৰণ কৰিছিল।

Advertisment

উল্লেখযোগ্য যে অবিভক্ত নগাওঁ জিলাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৃষ্টি-সংস্কৃতিৰ বিভিন্ন অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে তেওঁ জড়িত আছিল। ইয়াৰোপৰি লক্ষ্মী প্ৰসাদ দেৱ গোস্বামী একাধাৰে গায়ন, বায়ন, নামলগোৱা, নৃত্য বিশাৰদ, সু অভিনেতা আৰু এজন নিপুন খনিকৰ হিচাপে সমাজৰ সকলো শ্ৰেণীৰ লোকৰে সমানে অতি প্ৰিয় আছিল ৷

উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে অনুষ্ঠানৰ দিনা পুৱা শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু সত্ৰখনৰ ৰাইজৰ উপস্থিতিত বন্তি প্ৰজ্বলন কৰিব প্ৰয়াত দেৱ গোস্বামীৰ মাতৃ কনকলতা গোস্বামী আৰু পত্নী দীপ্তি মহন্ত গোস্বামীয়ে ৷ অনুষ্ঠানত শ্ৰী শ্ৰী নৰোৱা কুজিসত্ৰৰ থান পৰিচালনা সমিতি, শ্ৰী শ্ৰী নৰোৱা কুজিসত্ৰৰ যুৱক সংঘ, নগাওঁ আৰু মৰিগাও জিলা সত্ৰ মহাসভা, কুজিসত্ৰ সৌমাৰ সংঘ , শ্ৰীশ্ৰী মাধবদেৱ পুথিভৰাল, জিলাৰ ছাত্ৰ-যুৱ বিভিন্ন দল-সংগঠন, অনুষ্ঠান- প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিব ৷

দুপৰীয়া হ’ব লগা নাম প্ৰসংগত নামাচাৰ্য শ্ৰী শ্ৰী নতুন ভোগবাৰী শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ লীলা দেৱ মহন্তই অংশগ্ৰহণ কৰিব ৷ সন্ধিয়া ৭ বজাৰ পৰা হ’ব লগা ঐতিহাসিক ৰাষ্ট্ৰীয় খ্যাত দৰঙৰ ওজাপালি অনুষ্ঠান মুকলি কৰিব অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই ৷

ইফালে ২ আগষ্টত সমূহীয়া ভোজনৰ আয়োজন কৰা হৈছে ৷ তদুপলক্ষে উক্ত দুয়ো দিনৰ কাৰ্যসূচীত সকলো ৰাইজক উপস্থিত থকাৰ বাবে পৰিয়াল আৰু উদ্যোগক্তাই অনুৰোধ জনাইছে ৷

Also Read: গোলাঘাট হত্যাকাণ্ড : ১০ দিনৰ আৰক্ষীৰ জিম্মাত অভিযুক্ত নাজিবুৰ,প্ৰতিবাদত বন্ধ দোকান-বজাৰ

Batadrawa