মই হোষ্টেলত থাকোতে তেখেত মোৰ হোষ্টেলৰ ছুপাৰডেণ্টেট আছিল : জীৱন ভট্টৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ শোক

মই হোষ্টেলত থাকোতে তেখেত মোৰ হোষ্টেলৰ ছুপাৰডেণ্টেট আছিল : জীৱন ভট্টৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ শোক

ডিজিটেল ডেস্ক : প্ৰবীণ শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত অধ্যাপক জীৱন ভট্টৰ বাসগৃত বৃহস্পতিবাৰে সন্ধিয়া উপস্থিত হয় মুখ্যমন্ত্ৰী। এসপ্তাহৰ পূৰ্বে ইহসংসাৰৰ পৰা বিদায় লোৱা কটনৰ অৱসৰপ্ৰাপ্ত অধ্যাপকজনৰ গান্ধীবস্তিৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ মৃত্যুত গভীৰ সমবেদনা জ্ঞাপন কৰে।

৯১ বছৰ বয়সত মৃত্যু হোৱা ভট্ট আছিল- কটনৰ ভূগোল বিজ্ঞানন বিভাগৰ প্ৰাক্তন অধ্যাপক। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অধ্যাপকজনৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰি কয়- " মই হোষ্টেলত থাকোতে তেখেত মোৰ হোষ্টেলৰ ছুপাৰডেণ্টেট আছিল। এজন শিক্ষাবিদ আছিল,সহজ-সৰল ব্যক্তি আছিল। স্পষ্টবাদী ব্যক্তি আছিল। ইয়াৰোপৰি গান্ধীবস্তি অঞ্চলৰ সামাজিক অনুষ্ঠানৰ লগত জড়িত আছিল। তেখেতৰ মৃত্যুত সঁচাকৈ আমি মৰ্মাহত।"

উল্লেখযোগ্য যে তেওঁ গান্ধীবস্তিৰ বহু সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত আছিল।

মই হোষ্টেলত থাকোতে তেখেত মোৰ হোষ্টেলৰ ছুপাৰডেণ্টেট আছিল : জীৱন ভট্টৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ শোক
ওদালগুৰিত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান আৰম্ভ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in