/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/890d2098-1d5c-421f-8c94-7e8f9caabf4d/122.jpg)
ডিজিটেল সংবাদ,ওদালগুৰি : কুষ্ঠৰোগ নির্মূল কৰাৰ উদ্দেশ্য আগত লৈ অসমৰ অন্যান্য জিলাৰ লগতে ওদালগুৰি জিলাতো বৃহস্পতিবাৰৰ পৰা কুষ্ঠৰোগ নিবাৰণ আঁচনিৰ অধীনত কুষ্ঠৰোগ চিনাক্তকৰণৰ বাবে বিশেষ অভিযান আৰম্ভ কৰা হৈছে। ওদালগুৰি জিলাত কুষ্ঠৰোগৰ প্ৰাদুৰ্ভাৱ আছে আৰু বহুতো ৰোগী এতিয়াও ধৰা নপৰাকৈ আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7ab1f85d-10b6-4632-8fc6-f0696cfc91d6/da062d4b_5456_474d_9ce2_35ad04601fe2.jpg)
১৬ নবেম্বৰৰ পৰা ২৯ নবেম্বৰলৈ চলিবলগীয়া এই অভিযানৰ অধীনত প্রশিক্ষণপ্রাপ্ত আশাকৰ্মীৰ দল ঘৰে ঘৰে গৈ ২ (দুই) বছৰৰ ওপৰৰ সকলো ব্যক্তিকে পৰীক্ষা কৰি কুষ্ঠৰোগ চিনাক্তকৰণ কৰা হ'ব বুলি জাননিবলৈ দিয়ে। এই কুষ্ঠৰোগ কোনো বংশগত বা পাপৰ ফলত নহয়। ই Mycobacterium Leprae নামৰ বীজাণুৰ পৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/7d400897-da9e-42ff-bcf4-3bb99d9062ff/f04987d2_7a9f_40f7_97c0_7d540c51e62d.jpg)
প্রাথমিক অৱস্থাত এই ৰোগ ধৰা পৰিলে চিকিৎসাৰ দ্বাৰা বিকলাঙ্গ, অক্ষমতা প্ৰতিৰোধ কৰিব পাৰি। কুষ্ঠৰোগৰ বীজাণু মানুহৰ শৰীৰৰ ছাল স্নায়ুত প্ৰৱেশ কৰিলে ছাল চেতনাহীন হোৱা, ছাল শেতা, ৰঙচুৱা বা তাম বৰণীয়া হোৱা, ছালৰ দাগ, হাত ভৰিৰ জীণজীননি, হাতৰ তলুৱা শুকাই যোৱা, হাত ভৰি দুৰ্বল অথবা বিকলাঙ্গ হোৱা, চকু সম্পূর্ণকৈ মুদিব নোৱাৰা, কাণ মুখ মণ্ডল বা শৰীৰত সৰু সৰু গুটি উঠা ইত্যাদি লক্ষণ সমূহে দেখা দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/58487355-a365-48af-ba83-1aa83bc1fc7b/ee25a2bf_0d96_4258_827f_a22a597aa50c.jpg)
কুষ্ঠৰোগ চিনাক্তকৰণ অভিযানৰ সময়ছোৱাত আশা কৰ্মী সকলে ঘৰে ঘৰে গৈ এই লক্ষণ সমূহ পৰীক্ষা কৰিব আৰু সন্দেহজনক ৰোগীক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ পঠোৱাৰ ব্যবস্থা কৰিব। আজিৰ পৰা আৰম্ভ হোৱা এই অভিযানত স্বাস্থ্য বিভাগে ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/13451e1e-2d22-4779-aa1f-7aa78e0102f5/b720052c_dc76_42c0_9862_4ab6cd132bf7.jpg)
Also Read: ছেবা-শিক্ষা সংসদ বিলুপ্তিকে ধৰি কেবিনেটে কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে...