/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/fc3ad2d4-9587-49d3-854b-b45610ff389c/6.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ একাদশ বার্ষিক ৰক্তাভ দত্ত চৌধুৰী স্মাৰক উত্তৰ-পূৱ ভাৰত স্কুল দবা প্রতিযোগিতাখন অহা ১৯ মাৰ্চৰ পৰা ২২মাৰ্চলৈ গুৱাহাটীৰ নুনমাটিস্থ অসম জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এই দবা প্রতিযোগিতাখন মাইণ্ড স্পর্ট'ছ ফাউণ্ডেশ্যনৰ দ্বাৰা অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসৰ সহযোগিতাৰে বিদ্যালয় পর্য্যায়ত সদৌ উত্তৰ-পূৱ ভাৰতৰ তৃতীয় শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ শিক্ষাৰ্থীৰ অংশ গ্রহণেৰে অনুস্থিত হ'ব বুলি মাইণ্ড স্পর্ট'ছ ফাউণ্ডেশ্যনৰ সম্পাদক নয়ন কুমাৰ দত্ত আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই জনাইছে।
এই প্রতিযোগিতাখনৰ সৈতে সংগতি ৰাখি ২২ মার্চত অনুষ্ঠিত হ'বলগা বঁটা বিতৰণী অনুষ্ঠানত বিগত বৰ্ষসমূহৰ দৰে এই বছৰো এগৰাকী জ্যেষ্ঠ ক্রীড়া সাংবাদিকক মাইণ্ড স্পর্ট'ছ ফাউণ্ডেশ্যন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসৰ তৰফৰ পৰা সম্বর্ধনা জনোৱা হ'ব। শ্রেষ্ঠ দবা খেলুৱৈগৰাকীক ১০০০০ টকা সহ মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব। প্রতিযোগিতাত অংশগ্রহণ কৰিবলৈ ইচ্ছুক খেলুৱৈসকলে Email: mindsportsfoundation@gmail.com অথবা ম'বাইল 9435400207 নম্বৰত যোগাযোগ কৰিব পাৰিব। দবা খেলৰ বাবে ২১ মাৰ্চৰ ভিতৰত পঞ্জীয়ন কৰিব পাৰিব।
Also Read: চিৰাঙত হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত BPFৰ বুথ পৰ্যায়ৰ ধাৰাবাহিক সভা
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us