চিৰাঙত হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত BPFৰ বুথ পৰ্যায়ৰ ধাৰাবাহিক সভা

বিপিএফৰ দলীয় নেতা কৰ্মীক সতৰ্কতা অৱলম্বন কৰাৰ আহ্বান
চিৰাঙত হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত BPFৰ বুথ পৰ্যায়ৰ ধাৰাবাহিক সভা
চিৰাঙত হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত BPFৰ বুথ পৰ্যায়ৰ ধাৰাবাহিক সভা

ডিজিটেল সংবাদ চিৰাংঃ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বি টি আৰত ৰাজনৈতিক নেতা মন্ত্ৰীসকলৰ বাকযুদ্ধ তুংগত উঠা পৰিলক্ষিত হৈছে। সোমবাৰৰ দিনটোত হাগ্ৰামা মহিলাৰীয়ে কোকৰাঝাৰ আৰু দৰং-ওদালগুৰি লোকসভাৰ দুয়োটা সমষ্টিত বি পি এফৰ প্ৰাৰ্থী জয়ী হ'ব তাৰে এজন কেন্দ্ৰত মন্ত্ৰীত্ব লাভ কৰিব বুলি কৰা মন্তব্যৰ উত্তৰ দি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

তেওঁ কয় যে, হাগ্ৰামা মহিলাৰীয়ে দাবী কৰা ধৰণে যদি বি পি এফ দলৰ প্ৰাৰ্থী বিজয়ী হৈ কেন্দ্ৰত মন্ত্ৰীত্ব লাভ কৰিব লাগে তেনেহলে হাগ্ৰামা মহিলাৰীয়ে যদি জিকিব লাগে তেনেহ'লে অসমৰ ভিতৰত তেনেকুৱা কোনো সমষ্টি নাই য'ত তেখেত জিকিব।তেওঁ যদি জিকিব লাগে বিদেশত নিৰ্বাচন খেলিব লাগিব আৰু সাংসদ যদি কেন্দ্ৰীয় মন্ত্ৰী হ'ব লাগে তেনেহলে বেলেগ দেশত হ'ব লাগিব বুলি কটাক্ষ কৰে ।

মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কৰা মন্তব্যৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে পুনৰ কয় এই উত্তৰ মই উৰ্খাও গৌৰা ব্ৰহ্মক নিদিও নিৰ্বাচনত জনসাধাৰণে দিব এই উত্তৰ । ইপিনে সোমবাৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে হাগ্ৰামা মহিলাৰীক উদ্দেশ্যি কৈছিল- অহা লোকসভা নিৰ্বাচনত বি পি এফ দলৰ প্ৰাৰ্থী বিজয়ী হৈ মন্ত্ৰীত্ব লাভ কৰা দূৰৰ কথা বি পি এফ প্ৰাৰ্থীসকলৰ আমানতৰ ধন বাজেয়াপ্ত হ'ব।

এই মন্তব্যৰ উত্তৰত হাগ্ৰামা মহিলাৰীয়ে কয় যে- আমি আমানতৰ ধন ঘূৰাই পাবলৈ প্ৰাৰ্থী নিক্ষেপ নকৰিম আমি প্ৰাৰ্থী জিকাৰ কাৰণে প্ৰাৰ্থী দিম। আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে চিৰাং জিলাৰ চাৰিখন ঠাইত পুৱাৰ পৰা ধাৰাবাহিক ভাবে বুথ সমিতিৰ সৈতে সভা অনুষ্ঠিত কৰে।

সভাত ভাষণ প্ৰসংগত বি টি চিৰ প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য তথা বি পি এফৰ উপ-সভাপতি খাম্ফা বৰগয়াৰীয়ে কয় যে- আগন্তুক নিৰ্বাচনত জিকিবলৈ শাসকীয় দলে প্ৰশাসনক ব্যৱহাৰ কৰিব। প্ৰশাসনৰ লোকক সাধাৰন বেশত লগত লৈ ভোটাৰসকলক প্ৰলোভন দিবলৈ ধন বিলোৱাৰ দৰে কাম কৰিব বুলি আশংকা ব্যক্ত কৰে।

এইধৰণৰ অনিয়ম কামকাজ কৰিবলৈ অহা লোকসকলক পাৰিলে কুকুৰ খেদা দি খেদি পঠিয়াবলৈ দলীয় নেতা কৰ্মীসকলক আহ্বান জনায়। কাৰণ আগন্তুক লোকসভা নিৰ্বাচনত বি পি এফ দলৰ মজবুত স্থিতি দেখি শাসকীয় শংকিত হৈ পৰিছে । তেওঁলোকে নিৰ্বাচনত জিকিবলৈ বিভিন্ন ধৰণৰ চক্ৰান্তমূলক অভিসন্ধি লৈ এতিয়া বি পি এফ দলক বদনাম কৰাত নামি পৰিছে বুলিও ভাষণত উল্লেখ কৰে ।

সেয়ে এনেধৰণৰ ষড়যন্ত্ৰমূলক কাৰ্য্যকলাপৰ পৰা দলক ৰক্ষা কৰিবলৈ সকলোকে সচেতন হৈ কাম কৰি যাবলৈ পৰামৰ্শ আগবঢ়ায় খাম্ফা বৰগয়াৰীয়ে। আজি পুৱা প্ৰথমে জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ কয়লা ময়লা, কাজলগাঁও, কাশিকোত্ৰা আৰু ৰুণীখাতাত ধাৰাবাহিকভাবে বুথ পৰ্যায়ৰ সমিতিৰ সৈতে সভা অনুষ্ঠিত কৰে হাগ্ৰামা মহিলাৰীসহ অন্যান্য দলৰ শীৰ্ষ পৰ্য্যায়ৰ নেতাসকলে।

আজিৰ সভাত বিপিএফ দলৰ উপ-সভাপতি শুদ্ধ বসুমতাৰী, সাধাৰণ সম্পাদক মহেশ্বৰ ব্ৰহ্ম, খাম্ফা বৰগয়াৰী, মহিলা নেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম, পাৰিষদ পানীৰাম ব্ৰহ্ম, জেমচ বসুমতাৰীসহ দলৰ কেইবাজনো নেতাকৰ্মী উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

চিৰাঙত হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত BPFৰ বুথ পৰ্যায়ৰ ধাৰাবাহিক সভা
শোণিতপুৰৰ ৰঙাপাৰাত আপৰ 'অসমতো কেজৰিৱাল অভিযান'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in