এ পি এছ চি কেলেংকাৰীৰে অভিযুক্ত ৩গৰাকী ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিল

উল্লেখ্য যে, এ পি এছ চি কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগত এছ আই টিয়ে গ্ৰেপ্তাৰ কৰিছিল তিনিওকে

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল ডেস্ক : এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত শেহতীয়াকৈ পোহৰলৈ আহিছে গুৰুত্বপূৰ্ণ তথ্য। ৩ অভিযুক্তৰ বিৰুদ্ধে দাখিল কৰা হৈছে অভিযোগনামা।

Advertisment

শনিবাৰে এছ আই টিয়ে এ পি এছ চি কেলেংকাৰীৰে জড়িত ৩ অভিযুক্তৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰে। এছ আই টিয়ে ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱা, ৰাকেশ দাসৰ বিৰুদ্ধে আদালতত অভিযোগনামা দাখিল কৰাৰ কথা পোহৰলৈ আহিছে।

বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগ আছে ৰাজপত্ৰিত বিষয়া ছাহজাহান সৰকাৰ, ঐশ্বৰ্য জীৱন বৰুৱা, ৰাকেশ দাসৰ বিৰুদ্ধে। উল্লেখ্য যে, এ পি এছ চি কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগত এছ আই টিয়ে গ্ৰেপ্তাৰ কৰিছিল তিনিওকে।

Also Read: বড়ো সাহিত্য সভাৰ অধিৱেশনস্থলীত সাদিন-প্ৰতিদিনৰ অধ্যক্ষ জয়ন্ত বৰুৱাক আদৰণি

Assam Public Service Commissiom crime Assam police