/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/1462b8ac-9b4c-40d9-8dd8-5f48f2df32cc/AP_FOR_WEB_jb.jpg)
ডিজিটেল ডেস্ক : 'সাদিন-প্ৰতিদিন গোষ্ঠীয়ে সদায় বড়োসকলৰ সৈতে আছে। এই জনগোষ্ঠীক সাৰ্বিক বিকাশৰ ক্ষেত্ৰত সাদিন-প্ৰতিদিন গোষ্ঠীয়ে ইতিবাচক ভূমিকা পূৰ্বৰে পৰা পালন কৰি আহিছে আৰু পালন কৰি যাব। এই ভূমিকা বিশেষভাৱে গ্ৰহণ কৰিছিল অসমীয়া প্ৰতিদিনৰ কাৰ্যবাহী সম্পাদক প্ৰয়াত পৰাগ কুমাৰ দাসে।' এই মন্তব্য অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/6546413f-fcd0-47fc-8500-69d6d23c400c/419642641_944142787713882_694449566181205924_n.jpg)
বকো গান্ধী ময়দান সমন্বয় খেলপথাৰত ৩দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৬৩ সংখ্যক বড়ো সাহিত্য সভাৰ অধিৱেশন। কামৰূপ জিলা বড়ো সাহিত্য সভা আৰু অভ্যৰ্থনা সমিতিৰ সহযোগত আয়োজন কৰা হৈছে এই অনুষ্ঠানৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/7bed2fc8-6e52-471e-b04a-f68fa1cb529e/420791294_944142894380538_500536316668828717_n.jpg)
শনিবাৰে দ্বিতীয় দিনৰ কাৰ্য্যসূচীৰ অংশস্বৰূপে অস্থায়ী কাৰ্য্যালয়সমূহ মুকলি কৰা হয়। এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাদিন-প্ৰতিদিনৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱা। লগতে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাইয়ো বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/67f18d6d-67b2-4b20-bea6-321d96799ad7/vlcsnap_2024_01_20_13h07m06s354.png)
অধিৱেশনস্থলীত উপস্থিত হোৱাৰ পিছত অসমীয়া প্ৰতিদিনৰ সম্পাদক বৰুৱাক উদ্যোক্তাসকলে জনজাতীয় বস্ত্ৰ, আৰনাই, স্মাৰক আদিৰে আদৰণি সম্ভাষণ জনায়। উক্ত অনুষ্ঠানত উপস্থিত থাকি অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকীয়ে বৌদ্ধিক জগত তথা ভাষা-সাহিত্যৰ পুৰোধা ব্যক্তিসকলক সুঁৱৰি ভাষণ প্ৰদান কৰে।
তেওঁ কয় যে, বড়ো সাহিত্য সভাই বিগত ৬দশকজোৰা পৰিক্ৰমাত বড়ো ভাষা-সাহিত্যৰ ক্ষেত্ৰতে নহয়, বড়ো জাতিৰ সাৰ্বিক বিকাশৰ বাবে যিমানখনি কৰিছে সেয়া অতুলনীয়। বড়ো জাতীয় মঞ্চৰ নেৰা-নেপেৰা চেষ্টাৰ ফলতেই বড়ো ভাষাই আজি স্বীকৃতি লাভ কৰিছে। এইক্ষেত্ৰত বড়ো সাহিত্যৰ কাণ্ডাৰীসকলক জয়ন্ত বৰুৱাই কৃতজ্ঞতা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/94f9a476-3e2a-430b-a218-4f99d3fc0424/vlcsnap_2024_01_20_13h07m09s596.png)
লগতে বড়ো সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি জয়ভদ্ৰ হাগজেৰ আৰু প্ৰয়াত কৰ্ণধাৰসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে।
উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু, অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তকে ধৰি কেইবাগৰাকী বৰেণ্য ব্যক্তিয়ে উক্ত অনুষ্ঠানত উপস্থিত থাকে।