/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/f16a91ee-1ace-49f8-947e-e53c3400f496/agranii.jpg)
ডিজিটেল ডেস্কঃ সত্ৰীয়া সাংস্কৃতিক মহাসমাৰোহৰ দিন সলনি। সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদ,অসমৰ এখন সাধাৰণ সভাৰ যোগে এই কথা জানিবলৈ দিয়ে। যোৱা ২ মাৰ্চত অনুষ্ঠিত হোৱা সভাত অহা ছেপ্তেম্বৰৰ ২৮,২৯,৩০ আৰু ১ অক্টোবৰলৈ সত্ৰীয়া সাংস্কৃতিক মহাসমাৰোহৰ সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচী পিছুৱাই দিয়াৰ সিদ্ধান্ত লয়।
এক প্ৰেছ বিজ্ঞপ্তিযোগে সভাই উল্লেখ কৰে যে উক্ত দিনকেইটাত একে কাৰ্যসূচীৰে প্ৰতিযোগিতা আৰু অন্যান্য কাৰ্যসূচীসমূহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'ব বুলি উল্লেখ কৰে। সত্ৰীয়া নৃত্য,ওজাপালি,বৰগীত,খোলবাদন আদি প্ৰতিযোগিতাৰ নিয়মাৱলী আৰু আবেদন পত্ৰ সত্ৰীয়া সাংস্কৃতিক মহাপৰিষদ,অসমৰ ৱেবছাইট www.SatriyaSangskritikMohaparisad.org ৰ পৰা ডাইনলোড কৰিব পাৰিব বুলি জানিবলৈ দিয়ে।
আনহাতে মহাসমাৰোহৰ ক্ষেত্ৰত বিভিন্ন অনুসন্ধানৰ বাবে ৯৮৬৪০২৬৩৩৬ আৰু ৯৮৬৪০৭৯৪৬১ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জনায়। লগতে অহা ১২ মে'ত সদৌ অসম সত্ৰীয়া নৃত্য বৰগীত আৰু খোলবাদনৰ শিক্ষকসকলৰ এখন সন্মিলন কলাক্ষেত্ৰৰ ড০ বাণীকান্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিয়ে।
Also Read: বাৰেচহৰীয়া ভাওনাৰ ২১ খন খলাত কোন দিনা কোনখন নাট প্ৰদৰ্শিত হ'ব সম্পূৰ্ণ সূচী
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t122321273z-ap-new-2025-10-29-17-53-21.png)
Follow Us