
ডিজিটেল ডেস্ক : গৌৰৱোজ্জ্বল ২২৬ বছৰ গৰকা বাৰে চহৰীয়া ভাওনা মহোৎসৱ, ২০২৩ ৬ মাৰ্চৰ, ২০২৩ ৰ পৰা আৰম্ভ হ'ব । জামুগুৰিহাটৰ পকামূৰা পথাৰত ৯ মাৰ্চলৈ ৪ দিন ধৰি চলিব এই মহোৎসৱ । প্ৰস্তুতি প্ৰায় সাজু হৈছে । পৰিৱেশ্য কলা ৰূপে গুৰুজনাই সৃষ্টি কৰা অংকীয়া নাট ভাওনা প্ৰদৰ্শন হ'ব এই মহোৎসৱত । ভাওনাৰ বাবে সাজু কৰা হৈছে ২১ খন খলা । এই ২১ খন খলাত প্ৰতিখনতেই ২খনকৈ ভাওনা প্ৰদৰ্শিত কৰিব । ৭ মাৰ্চত ভাওনা উন্মোচন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ৮ মাৰ্চত ভাওনা উন্মোচন কৰিব কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ।
এই দুই নিশা ২১ খন খলাত প্ৰদৰ্শিত হ'ব লগা মুঠ ৪২ খন নাটৰ সূচী এনেধৰণৰ -
১ নং খলাত প্ৰথম নিশাৰ নাট ৰাম বিজয় অংকীয়া নাট, দ্বিতীয় নিশাৰ নাট নৃসিংহ যাত্ৰা ।
২ নং খলাত প্ৰথম নিশাৰ নাট কৰ্ণপৰ্ব, দ্বিতীয় নিশাৰ নাট সীতা হৰণ বালি বধ
৩ নং খলাত প্ৰথম নিশাৰ নাট সীতা হৰণ বালি বধ, দ্বিতীয় নিশাৰ নাট ৰাৱণ বধ
৪ নং খলাত প্ৰথম নিশাৰ নাট দক্ষ যজ্ঞ, দ্বিতীয় নিশাৰ নাট অহিসূৰ মহিসূৰ বধ
৫ নং খলাত প্ৰথম নিশাৰ নাট প্ৰহ্লাদ চৰিত্ৰ, দ্বিতীয় নিশাৰ নাট সুচিত্ত বিচিত্ৰ উপাখ্যান
৬ নং খলাত প্ৰথম নিশাৰ নাট ৰাম বিজয়, দ্বিতীয় নিশাৰ নাট কৰ্ণপৰ্ব
৭ নং খলাত প্ৰথম নিশাৰ নাট মেঘনাদ বধ, দ্বিতীয় নিশাৰ নাট বাণ ৰজাৰ পৰাজয় হৰি হৰৰ যুদ্ধ
৮ নং খলাত প্ৰথম নিশাৰ নাট অন্ধ মুনিৰ অভিশাপ, দ্বিতীয় নিশাৰ নাট কীৰাট পৰ্ব
৯ নং খলাত প্ৰথম নিশাৰ নাট নাগৰাজ বাসুকী, দ্বিতীয় নিশাৰ নাট হৰিচন্দ্ৰ উপাখ্যান
১০ নং খলাত প্ৰথম নিশাৰ নাট সীতাহৰণ বালিবধ, দ্বিতীয় নিশাৰ নাট অশ্বকৰ্ণ জংঘাসুৰ বধ
১১ নং খলাত প্ৰথম নিশাৰ নাট দ্ৰোণপৰ্ব, দ্বিতীয় নিশাৰ নাট দ্ৰোণপৰ্ব
১২ নং খলাত প্ৰথম নিশাৰ নাট যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞ, দ্বিতীয় নিশাৰ নাট সীতা হৰণ বালি বধ
১৩ নং খলাত প্ৰথম নিশাৰ নাট ধৃতৰাষ্ট্ৰৰ দিগ্ববিজয়, দ্বিতীয় নিশাৰ নাট গজকেতু উপাখ্যান
১৪ নং খলাত প্ৰথম নিশাৰ নাট ৰাম বিজয়, দ্বিতীয় নিশাৰ নাট যুধিষ্ঠিৰ ৰাজসুয় যজ্ঞ
১৫ নং খলাত প্ৰথম নিশাৰ নাট সীতা হৰণ বালি বধ, দ্বিতীয় নিশাৰ নাট সীতা হৰণ বালি বধ
১৬ নং খলাত প্ৰথম নিশাৰ নাট কৰ্ণপৰ্ব, দ্বিতীয় নিশাৰ নাট প্ৰহ্লাদ চৰিত্ৰ
১৭ নং খলাত প্ৰথম নিশাৰ নাট অন্ধ মুনিৰ অভিশাপ, দ্বিতীয় নিশাৰ নাট কাৰ্ত্তবীৰ্য্য অৰ্জুন বধ
১৮ নং খলাত প্ৰথম নিশাৰ নাট দেৱী দানৱৰ যুদ্ধ, দ্বিতীয় নিশাৰ নাট দেৱী দানৱৰ যুদ্ধ
১৯ নং খলাত প্ৰথম নিশাৰ নাট পাৰিজাত হৰণ, দ্বিতীয় নিশাৰ নাট কৰ্ণপৰ্ব
২০ নং খলাত প্ৰথম নিশাৰ নাট মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ, দ্বিতীয় নিশাৰ নাট অন্ধ মুনিৰ অভিশাপ
২১ নং খলাত প্ৰথম নিশাৰ নাট প্ৰহ্লাদ চৰিত্ৰ, দ্বিতীয় নিশাৰ নাট কুৰু পাণ্ডৱৰ অস্ত্ৰ শিক্ষা, দ্ৰুপদৰ পৰাজয়