/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/1296fb82-ed3d-4c9d-8f09-91f5460f0c1c/President_Award.jpg)
ডিজিটেল সংবাদ : অসুস্থ যুৱ উদ্ভাৱক চম্পক দত্ত। যুৱ উদ্ভাৱক হিচাপে চম্পক দত্ত বহুতৰে বাবে এখন চিনাকী মুখ। ন-ন উদ্ভাৱনে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিছে। ক'ভিডকালীন সময়তো তেখেতে বহু কেইটা উদ্ভাৱনী সঁজুলি অসমবাসী ৰাইজলৈ উপহাৰ দিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/50c37363-d4c9-4c24-b9ff-73adae76c276/WhatsApp_Image_2023_04_10_at_2_07_03_PM.jpeg)
তেনে এক উদ্ভাৱনৰ বাবে ২০০৫ চনত সেইসময়ৰ ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামৰ পৰা যুৱ উদ্ভাৱক গৰাকীয়ে ৰাষ্ট্ৰপতি পুৰস্কাৰ লাভ কৰে। সেইগৰাকী যুৱ উদ্ভাৱক চম্পক বৰা বৰ্তমান চিকিৎসাধীন। পিছে তেওঁৰ খবৰ লৈ যেন আহৰি নাই চৰকাৰ তথা দল সংগঠনৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/9e7da292-7e51-4638-bb3a-5f2a0b0a048e/WhatsApp_Image_2023_04_10_at_2_07_03_PM__1_.jpeg)
বৰ্তমান জি এম চি এইছৰ আইচিইউত জণ্ডিচ ৰোগত আক্ৰান্ত হৈ সংকটজনক অৱস্থাত আছে যুৱ উদ্ভাৱক গৰাকী। পৰিয়ালৰ লোকে জানিব দিয়া অনুসৰি, তেওঁৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে অৰ্থৰ। পৰিয়ালৰ লোকৰ মতে তেওঁৰ চিকিৎসা অসমত সম্ভৱ নহয়। সেয়েহে এই ক্ষেত্ৰত উন্নত চিকিৎসাৰ বাবে চৰকাৰৰ সহায় বিচাৰিছে পৰিয়ালৰ লোকে।
Also Read: থলুৱা গামোচাৰে বজাৰ দখল চাবুৱাৰ যুৱকৰ...