থলুৱা গামোচাৰে বজাৰ দখল চাবুৱাৰ যুৱকৰ...

থলুৱা গামোচাৰে বজাৰ দখল চাবুৱাৰ যুৱকৰ...

এতিয়া বিহুৰ বতৰ। আদৰ বাঢ়িছে থলুৱা গামোচাৰ, হাতে বোৱা গামোচাৰে বজাৰ দখল কৰি উপাৰ্জনৰ বাট মুকলি কৰিছে এজম যুৱকে...

ডিজিটেল সংবাদ: বহি:ৰাজ্যৰ আমদানীকৃত গামোচাক প্ৰত্যাহ্বান জনাই হাজাৰৰো অধিক হাতে বোৱা গামোচা ঘৰতে প্ৰস্তুত কৰি বজাৰ দখল কৰিবলৈ সক্ষম হৈছে চাবুৱাৰ ধনটি শইকীয়াই। চাকৰিলৈ বাট নাচাই নিজ গাঁওৰ মহিলাসকলক লগত লৈ থলুৱা গামোচা উৎপাদনৰ ব্যৱসায় আৰম্ভ কৰিছে চাবুৱাৰ ২২ বছৰীয়া যুৱকজনে। নিজে স্বাৱলম্বী হোৱাৰ সমান্তৰালকৈ ওচৰ চুবুৰীয়া মহিলাসকলৰো উপাৰ্জনৰ পথ মুকলি কৰিছে ধনটিয়ে।

চাওঁতে চাওঁতে ৰঙালী বিহুলৈ মাজত আৰু কেইটামান দিনহে বাকী। সমগ্ৰ ৰাজ্যতে বিহুৱা বিহুৱতী, অসমবাসী ব্যস্ত হৈ পৰিছে চেনেহৰ ৰঙালী বিহুক আদৰাৰ বাবে।কোনোৱে যদি বিহু বিশ্ব ৰেকৰ্ডৰ বাবে ব্যস্ত, কোনোৱে বিহু কৰ্মশালাত ব্যস্ত। ইয়াৰ সমান্তৰালকৈ চাবুৱাৰ গন্ধিয়া হাবিচুক গাঁওৰ ২২ বছৰীয়া যুৱক ধনটি শইকীয়াই প্ৰায় হাজাৰৰো অধিক হাতে বোৱা গামোচা প্ৰস্তত কৰি সমাদৰ লাভ কৰাৰ লগতে তিনিচুকীয়া আৰু চাবুৱাৰ বজাৰ দখল কৰিছে।

ফিটাৰ বিভাগত কাৰিকৰী শিক্ষা গ্ৰহণ কৰা ধনটিয়ে এইবাৰ বিহুৰ বাবে প্ৰায় ১০০০ হাজাৰো অধিক ভিন্ন ভিন্ন তাঁতশালত বোৱা গামোচা প্ৰস্তত কৰি বজাৰলৈ উলিয়াই দিবলৈ সক্ষম হৈছে। উল্লেখ্য যে ,যিটো সময়ত ৰাজ্য চৰকাৰে পাৱাৰলুমত নিৰ্মিত গামোচাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই আছে, সেই সময়ত পানীতোলা যুৱক ধনটি শইকীয়াই 'জেতুকা হস্ততাঁত আৰু বস্ত্ৰশিল্প' নামেৰে এখনি প্ৰতিষ্ঠান নিজ ঘৰতে স্থাপন কৰি ওচৰ চুবুৰীয়া মহিলা সকলক নিয়োগ কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে মহিলাসকলৰো উপাৰ্জনৰ পথ মুকলি কৰি দিবলৈ সক্ষম হৈছে।

থলুৱা গামোচাৰে বজাৰ দখল চাবুৱাৰ যুৱকৰ...
ঢকুৱাখনাত গৰু বিহুৰ প্ৰস্তুতি, তৰা গছৰ পঘা বনোৱাত ব্যস্ত গঞা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in