মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ডঃ জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল কনিষ্ঠ ভাতৃৰ

মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ডঃ জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল কনিষ্ঠ ভাতৃৰ

ডিজিটেল ডেস্কঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হিংসা-হত্যাৰ ঘটনা। শনিবাৰে গুৱাহাটীত পুনৰ সংঘটিত হয় আন এক নৃশংস হত্যাকাণ্ড। কনিষ্ঠ ভাতৃক শিলেৰে মৰিয়াই মৰিয়াই হত্যা কৰিলে জ্যেষ্ঠ ভাতৃয়ে।

মহানগৰীৰ মঠঘৰীয়াত সংঘটিত হয় এই হত্যাকাণ্ড। হত্যাৰ বলি হোৱা যুৱকজনৰ নাম সুনীল ৰায়। আনহাতে হত্যাকাৰী জ্যেষ্ঠ ভাতৃৰ নাম হীৰালাল ৰায়। ধনৰ লেনদেনক লৈ দুয়োৰে মাজত সৃষ্টি হৈছিল সংঘাত। সংঘাতৰ পৰিণতিতেই সংঘটিত হয় এই ভয়ানক কাণ্ড।

হীৰালাল ৰায়ে কনিষ্ঠ ভাতৃক শিলেৰে উপৰ্যুপৰি আক্রমণ কৰাত ৰক্তাত হৈ পৰে সুনীল ৰায়। ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে সুনীল ৰায়ক জি এম চি এইছলৈ নিয়ে যদিও চিকিৎসালয়ত মৃত ঘোষণা কৰে চিকিৎসকে। উল্লেখ্য বৰ্তমানলৈ পলাতক অৱস্থাত থকা হত্যাকাৰী ভাতৃক গ্রেপ্তাৰ কৰিব পৰা নাই আৰক্ষীয়ে।

মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ডঃ জ্যেষ্ঠ ভাতৃৰ হাতত প্ৰাণ গ'ল কনিষ্ঠ ভাতৃৰ
চিকিৎসাধীন প্রাক্তন মন্ত্রী তথা অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in