উত্তাল চচল : শিক্ষা আৰু সংস্থাপনৰ অধিকাৰৰ দাবীত যুৱ-ছাত্ৰৰ হাল্লাবোল...

উত্তাল চচল : শিক্ষা আৰু সংস্থাপনৰ অধিকাৰৰ দাবীত যুৱ-ছাত্ৰৰ হাল্লাবোল...

ডিজিটেল সংবাদ, গুৱাহাটী : বিজেপি চৰকাৰৰ শিক্ষা আৰু সংস্থাপন বিৰোধী নীতিৰ বিৰুদ্ধে নিখিল ভাৰত ছাত্র সন্থা(আইছা) আৰু বিপ্লবী যুৱ সন্থা(আৰ.ৱাই.এ) ৰ অসম ৰাজ্যিক সমিতিয়ে শুকুৰবাৰে গুৱাহাটীৰ চচলত তীব্র প্রতিবাদ সাব্যস্ত কৰে ৷ ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা আহি উপস্থিত হোৱা ৫ শতাধিক যুৱ-ছাত্ৰই পুৱা ১০ বজাৰ পৰা চচলত সমবেত হৈ চৰকাৰৰ যুৱ ছাত্র নীতিৰ বিৰুদ্ধে শিক্ষা আৰু সংস্থাপনৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷

এক প্ৰেছ বিবৃতিত যুৱ ছাত্র সংগঠন দুটিয়ে কয় যে, অসমৰ প্ৰায় ৩৫০০ স্কুল চলি আছে এজনীয়া শিক্ষকৰ দ্বাৰা। ৩০০ ৰ অধিক প্ৰাথমিক স্কুলত নাই এজনো শিক্ষক। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱা পিছত ২০২২ চনত অসমত একেলগে ৮০০০ শিক্ষকৰ পদ নোহোৱা কৰি দিয়া হ'ল । একেলগে ইমানবোৰ শিক্ষকৰ পদ নোহোৱা কৰি দিয়াটো স্বাধীন ভাৰতত এইয়াই প্ৰথম। অৰ্থাৎ যিসময়ত অসমৰ চৰকাৰী স্কুলত ছাত্র ছাত্রীৰ সংখ্যা বৃদ্ধি পাইছে, সেই সময়ত শিক্ষকৰ পদ বৃদ্ধি কৰাৰ পৰিৱৰ্তে কৰ্তনহে কৰিলে।

কেৱল ২০২০ চনত অসমত ১৭১০ খন স্কুল একলগ কৰি দিয়াৰ নামত বন্ধ কৰি দিয়া হৈছে ( Scroll, October 7, 2020)। স্কুলবোৰত ফলাফল বেয়া বুলি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে শেহতীয়াকৈ ১০৫ খন ছাত্ৰ-ছাত্ৰীৰে ভৰ্তি হৈ থকা স্কুল বন্ধ কৰি দিয়ে । ইয়াৰ ভিতৰত শ্বহীদ গংগাৰাম ক'লে স্থাপন কৰা তিনিচুকীয়াৰ নখৰাই কেঁচাসোণ বিদ্যালয়খনো এখন।

২০২০ চনৰ এক তথ্য মতে, অসমৰ বহু স্কুলত নাই ডেস্ক-বেঞ্চ, নাই বাথৰূমৰ সুবিধা। তদুপৰি ৩০০০০ স্কুলত নাই বিদ্যুৎ ব্যৱস্থা। বিবৃতিত সংগঠন দুটিয়ে সন্দেহ প্রকাশ কৰি কয় যে, হয়তো এক কুচিন্তিত পৰিকল্পনা, যাতে চৰকাৰী স্কুলত ল'ৰা ছোৱালী পঢ়ুওৱাবলৈ অভিভাৱকে ভয় কৰে! শেহতীয়া মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত খেলিমেলিও একেটা পৰিকল্পনাৰ অংশ যেন নালাগেনে ? পিএইচডি আৰু এম ফিলৰ মাচুল ১০০% বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ বিৰুদ্ধে ছাত্র ছাত্রীয়ে আন্দোলন কৰিবলৈ বাধ্য হৈছে।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২২ প্ৰবৰ্তনৰ নামত কেইবাখনো স্কুল বন্ধ কৰি একলগ কৰাৰ কথা কৈছে আৰু ৩০০০ ছাত্র ছাত্রী নথকা মহাবিদ্যালয়সমূহ বন্ধ কৰাৰ কথা কৈছে(৭ নং দফা আৰু ১০ নং দফা)। এইবাৰৰ অসম চৰকাৰৰ বাজেটেই এই কথাক বুজিবলৈ সহজ কৰি দিছে। এফালে বাজেটত ৮ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় কৰাৰ কথা কৈছে, আনফালে যোৱাবাৰতকৈ এইবাৰ শিক্ষাৰ বাজেট প্ৰায় ৫০০ কৌটি কৰ্তন কৰিছে।

২০১৬ ত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল ২৩ লাখ চাকৰিৰ। সেইয়া কমি কমি ২০২১ ৰ নিৰ্বাচনত হৈ পৰিল মাত্র ১ লাখ। কিন্তু ১ বছৰৰ ভিতৰত ১ লাখ চাকৰিৰ প্ৰতিশ্ৰুতি দি মাত্র কেই হাজাৰমান নিযুক্তি দিয়েই ডাঙৰকৈ ঢোল বজালে। আচৰিত যে তাৰ ভিতৰতো বহুখিনি অস্থায়ী আৰু কিছুমানৰ মাহিলী দৰমহা মাত্র ৬ হাজাৰ।

সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে বৰ্হিৰাজ্যলৈ যুৱক সকলৰ বৰ্হিগমন ৰোধ কৰি নিজৰ ৰাজ্যতে সংস্থাপনৰ ক্ষেত্ৰ সৃষ্টি কৰাৰ কোনো নির্দিষ্ট পৰিকল্পনা চৰকাৰৰ ওচৰত বৰ্তমানেও নাই। অথচ বৰ্তমানৰ মুখ্যমন্ত্রী গৰাকীয়ে যোৱা ৭ বছৰ ধৰি কৈ আহিছে যে অসমক কেৰেলা-তামিলনাডুৰ দৰে উদ্যোগিক ৰাজ্য হিচাপে গঢ়ি তুলিব? যোৱা বছৰ উদ্যোগ আৰু বাণিজ্যত ধৰা হৈছিল ৭৮৯.৪৫ কোটি, অৰ্থাৎ মুঠ বাজেটৰ 0.৬৬% আৰু এইবাৰ ৮১৩.৪৭ কোটি অৰ্থাত 0.৫৮% । অৰ্থাৎ মুঠ বাজেটৰ ১% টকাও উদ্যোগত খৰচ কৰা নহয়! ৰাজহুৱা খণ্ডৰ উদ্যোগ সমূহ পুনৰুজ্জীৱিত নোহোৱাকৈ আৰু নতুন উদ্যোগ নিৰ্মাণ নকৰাকৈ উদ্যোগ খণ্ডত মুঠ বাজেটৰ ১% টকা খৰচ কৰি কেনেকৈ নিবনুৱা সমস্যা সমাধান হব??

অসমত নিবনুৱা সমস্যাৰ ভয়াবহতাৰ উমান পোৱা যায় ইণ্ডিয়া টুডেই প্ৰকাশ কৰা তিনিটা তথ্যত(৭জুলাই, ২০২২) । বিবৃতিত সংগঠন দুটিয়ে এনে ছাত্র যুৱ বিৰোধী চৰকাৰৰ বিৰুদ্ধে অনাগত দিনত আৰু অধিক তীব্র ৰূপত সংগ্রাম গঢ়ি তুলিব বুলি চৰকাৰক সাৱধান কৰি দিয়ে। প্ৰতিবাদীকাৰী সকলে কাৰ্যসূচী স্থলিতে সুব্রত তালুকদাৰৰ পৰিচালনাত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত কৰে।

সভাত চিপিআই (এম এল) ৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদক বিবেক দাস, বিশিষ্ট শিক্ষাবিদ ইন্দ্ৰানী দত্ত, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ কেন্দ্রীয় সম্পাদক জীতেন তাঁতী, বিশিষ্ট সাংবাদিক কা বিৰোধী সমন্বয় সমিতিৰ মূখ্য আহবায়ক দেবেন তামুলী, শিক্ষা অধিকাৰ বচাওক আন্দোলনৰ অসমৰ উপদেষ্টা মুকুট লোচন কলিতা, গণতান্ত্রিক যুব ফেডাৰেচনৰ নিৰংকুশ নাথ, ছাত্র মুক্তি সংগ্রাম সমিতিৰ কাশ্যপ নন্দন কলিতা, বিপ্লবী যুব সন্থাৰ ৰাজ্যিক সভানেত্রী কুন্তী তাঁতী, সন্থাৰ উপদেষ্টা ৰাজেন ৰাজ উপস্থিত থাকি বক্তব্য প্রদান কৰে।

বিপ্লবী যুৱ সন্থাৰ ৰাজ্যিক সম্পাদক আমোচ কুমাৰ তাঁতীৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা শুকুৰবাৰে প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠন দুটাই অসমৰ মুখ্যমন্ত্ৰী লৈ নিম্নোক্ত দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰদান কৰে-

১: কোনো অজুহাততে চৰকাৰী স্কুল বন্ধ কৰি দিয়া নচলিব।

২: শিক্ষাৰ বাজেট কৰ্তন কৰা নচলিব। চৰকাৰী শিক্ষানুষ্ঠানৰ আন্ত:গাথনি উন্নত কৰক। শিক্ষক-কৰ্মচাৰীৰ খালী পদ অতি শীঘ্ৰেই পূৰণ কৰক।

৩: কথা আৰু কামৰ পাৰ্টি বুলি নিজকে দাবী কৰা বিজেপি চৰকাৰখনে ২৩ লাখ চাকৰি দিম বুলি কৰা প্ৰতিশ্ৰুতি পালন কৰক। অসম উদ্যোগিক ৰাজ্য কেতিয়া হ'ব মুখ্যমন্ত্রীয়ে জবাব দিয়ক।

৪: ৰাষ্ট্ৰীয় শিক্ষা নীতি - ২০২২ বাতিল কৰক।

৫: স্কুল, মহাবিদ্যালয় সমূহক একলগ কৰাৰ নামত বন্ধ কৰা নচলিব।

৬.প্ৰশ্ন কৰাৰ অধিকাৰ খৰ্ব কৰা নচলিব। গনতন্ত্ৰ সুনিশ্চিত কৰক ।

৭. তিনিচুকীয়া জিলাৰ বৰডুবি থানাৰ অন্তৰ্গত ১৩ বছৰীয়া নাবালিকা ধৰ্ষণ কাণ্ডৰ লগত জড়িত চমুন্দ্ৰ ৰায়ক শীঘ্রে গ্ৰেপ্তাৰ কৰক আৰু সমগ্র ঘটনাৰ তদন্ত কৰক আদি।

উত্তাল চচল : শিক্ষা আৰু সংস্থাপনৰ অধিকাৰৰ দাবীত যুৱ-ছাত্ৰৰ হাল্লাবোল...
উৎকত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সহজ উপায়...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in