হোলীৰ আনন্দৰ মাজতে প্ৰতিবাদত বহিল শিলসাঁকোৰ উচ্ছেদিত ৰাইজে

হোলীৰ আনন্দৰ মাজতে প্ৰতিবাদত বহিল শিলসাঁকোৰ উচ্ছেদিত ৰাইজে

ডিজিটেল সংবাদ, গুৱাহাটীঃ ক্ষতিপূৰণসহ পুনঃ সংস্থাপনৰ দাবীত হোলীৰ দিনা প্ৰতিবাদী কাৰ্য্যসূচী শিলসাঁকোৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ। মহানগৰীৰ চচলৰ ধৰ্ণা স্থলীত আমাক ক্ষতি পূৰণ দিব লাগিবই, উচ্ছেদিত প্ৰতিতো পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ দাবীত আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে শিলসাঁকোৰ উচ্ছেদিত ৰাইজে।

হাতে হাতে চৰকাৰ বিৰোধী প্লে কাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ। শীঘ্ৰেই ক্ষতিপূৰণ তথা পুন: সংস্থাপন দিয়াৰ বাবে চৰকাৰালৈ দাবী শিল সাঁকোৰ প্ৰতিটো পৰিয়ালৰ। চৰকাৰে দাবী পূৰণ নকৰাকৈ শিলসাঁকোৰ প্ৰতিটো উচ্ছেদিত পৰিয়ালে অব্যাহত ৰাখিব প্ৰতিবাদ। উল্লেখ্য যে , বিগত দুবছৰ ধৰি শিলসাঁকোৰ উচ্ছেদিত ৰাইজে কোনো উৎসৱ উৎযাপন নকৰাকৈ ন্যায্য প্ৰাপ্তিৰ দাবীত অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী।

হোলীৰ আনন্দৰ মাজতে প্ৰতিবাদত বহিল শিলসাঁকোৰ উচ্ছেদিত ৰাইজে
উখল-মাখল ৰহাৰ ঐতিহাসিক মঠৰ থান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in