উখল-মাখল ৰহাৰ ঐতিহাসিক মঠৰ থান

উখল-মাখল ৰহাৰ ঐতিহাসিক মঠৰ থান

author-image
Asomiya Pratidin
New Update
উখল-মাখল ৰহাৰ ঐতিহাসিক মঠৰ থান

ডিজিটেল সংবাদ, ৰহাঃ হোলীৰ আনন্দত উখল-মাখল ৰহাৰ ঐতিহাসিক মঠৰ থান। আধ্যাত্মিক তথা ভক্তি ৰসেৰে জীপাল সমগ্ৰ মঠৰবড়ী অঞ্চল। দেওবাৰৰ পৰা ছয় দিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত থানখনত অনুষ্ঠিত হৈছে ১২১ সংখ্যক দৌল যাত্ৰা মহোৎসৱ।

Advertisment

তদুপলক্ষে সোমবাৰে পুৱা ১২১খন ধৰ্মধ্বজা উত্তলন কৰা হয়। লগতে উন্মোচন কৰা হয় ঐতিহাসিক থানখনৰ সম্পৰ্কে প্ৰকাশিত 'ঐতিহাসিক মঠৰ থানৰ চমু বিৱৰণ' শীৰ্ষক এখন গ্ৰন্থ। ইয়াৰ পিচতে উলিওৱা হয় বৰ্ণিল ভাগৱত ভ্ৰমণ তথা সাংস্কৃতিক শোভাযাত্ৰা।

ভক্তি ৰসেৰে উঠলি উঠে অঞ্চলটো। সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ৰহাৰ বিধায়ক শশীকান্ত দাসে। ৬দিনীয়া এই দৌল মহোৎসৱত প্ৰত্যেক দিনাই নাম-প্ৰসংগ, ভাগৱত পাঠ, নাট তথা সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব।

Also Read: চেলা চাৰিকড়িয়া নদীত সন্ধানহীন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ

holi raha