/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/35047b55-9dd3-4f33-9946-4b4b9e7d9bf1/232.jpg)
ডিজিটেল ডেস্ক : সকলোৰে বাবে স্বাস্থ্য। সকলোৰে মুখত হাঁহি- এই মহান উদ্দেশ্যৰে ২০০৮চনত প্ৰতিষ্ঠা হোৱা উত্তৰ পূৰ্বৰ ছুপাৰ স্পেচিয়েলিটী হাস্পতাল জি এন আৰ চিৰ ছয়মাইল শাখাই অতিক্ৰম কৰিলে ১৬টা বসন্ত। কম ধনেৰেই ৰোগীৰ উন্নত চিকিৎসা কৰাত সদায়েই প্ৰতিশ্ৰুতিবদ্ধ চিকিৎসালয়খনে শনিবাৰে উদযাপন কৰে ১৭সংখ্যক প্ৰতিষ্ঠা দিৱস।
গণেশগুৰিৰ নেডফি কনভেনছন চেন্টাৰত অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানটি আৰম্ভ হয় এটি বৰগীতেৰে। গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটিত উপস্থিত থাকে এ এম টেলিভিশ্বন এণ্ড প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ সঞ্জীৱ নাৰায়ন, প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ লগতে ইণ্ডিয়া টুডে আলোচনীৰ কাৰ্যবাহী সম্পাদক কৌশিক ডেকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/187bd03b-3f5a-4d38-845b-f2c505209cef/dea25fa6_663b_4680_998a_5547a21e5685.jpg)
অনুষ্ঠানটিত উপস্থিত থাকি জি এন আৰ চি গ্ৰুপ অৱ হাস্পতালৰ প্ৰতিষ্ঠাতা ডাঃ নোমল চন্দ্ৰ বৰাই সকলো কৰ্মীকে আৰু অধিক দায়ৱদ্ধ হ'বলৈ আহ্বান জনায়। লগতে তেঁও কয়- চিকিৎসকসকলে ৰোগীক শাৰীৰিক নহয়, মানসিকভাৱেও চিকিৎসা কৰিব লাগিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7348cce9-e7e5-433b-bb28-13c0e3ead5af/db44142f_7d8c_4f35_adb5_1f5994c93fc0.jpg)
আনহাতে এ এম টেলিভিশ্বন এণ্ড প্ৰাইভেট লিমিটেডৰ অধ্যক্ষ সঞ্জীৱ নাৰায়নে অসমৰ চিকিৎসা খণ্ড পূৰ্বতকৈ বহুগুণে আগবাঢ়িছে বুলি মন্তব্য প্ৰদান কৰে। সাংবাদিক কৌশিক ডেকাই জি এন আৰ চিৰ সকলো কৰ্মীবৃন্দক উদ্দেশ্যি কিছু প্ৰেৰণামূলক কথা ব্যক্তব্যত উল্লেখ কৰে।
দেশৰ এগৰাকী উল্লেখ্যযোগ্য চিকিৎসক তথা জি এন আৰ চি গ্ৰুপ অৱ হাস্পতালৰ প্ৰতিষ্ঠাতা ডাঃ নোমল চন্দ্ৰ বৰাৰ জীৱন সংগ্ৰামৰ কথা নিতুমণি শইকীয়াই তেঁওৰ ব্যক্তব্যত উল্লেখ কৰে। লগতে দেশ তথা ৰাজ্যৰ চিকিৎসাখণ্ডলৈ অভূৰ্তপূৰ্ব সেৱা আগবঢ়োৱা ডাঃ বৰাক কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে উচিত সন্মান যাচিবলৈও দাবী উত্থাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/3ca0cbe0-b487-4d54-9f8c-8f520909d383/f3b55374_779d_4a17_bc72_2fe9c16799aa.jpg)
২০০৮চনত প্ৰতিষ্ঠা হোৱা জি এম আৰ চি ছয়মাইল শাখাত এতিয়ালৈকে ৫,৭০,৪৪৭ জন ৰোগী বহিঃবিভাগত, ৭৩,০২০গৰাকী ৰোগী অন্তঃবিভাগত, ৩০,০০০ ৰোগীৰ অস্ত্রোপচাৰৰ লগতে জৰুৰীকালীন তথা আঘাতপ্রাপ্ত ৰোগীৰ ভিতৰত ৩১হাজাৰ ২৩৭গৰাকী ৰোগীক বিনামূলীয়া সেৱা আগবঢ়াইছে।
Also Read: ঔপন্যাসিক হিতেশ ডেকাৰ জন্ম শতবর্ষৰ উপলক্ষত আলোচনাসত্ৰ সম্পন্ন