/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/95ae493a-47db-4711-9ac6-c27c74cef163/231.jpg)
ডিজিটেল সংবাদ,নলবাৰী : 'হিতেশ ডেকা সর্বজনপ্রিয় সাহিত্যিক। অসম সাহিত্য সভাক নেতৃত্ব দিছিল হিতেশ ডেকাই। সৰ্থেবাৰী চিনাকি হোৱাৰ অন্যতম হ'ল সাহিত্যিক হিতেশ ডেকা। নৱপ্রজন্মই হিতেশ ডেকাৰ আদর্শ- সমাজ সচেতনতাক জানিব লাগিব। সু-সাহিত্যিক হিতেশ ডেকা সমাজ সচেতন ব্যক্তি আছিল।'
অসম সাহিত্য সভা আৰু বাপুজী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত তথা ভাৰতী অধায়ন চক্রৰ সহযোগত বাপুজী মহাবিদ্যালয়ত প্ৰসিদ্ধ ঔপন্যাসিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিতেশ ডেকাৰ জন্ম শতবর্ষৰ শ্রদ্ধার্ঘ্য হিচাপে আয়োজিত 'হিতেশ ডেকাৰ ৰচনাত সমাজ চেতনা' বিষয়ক আলোচনাচক্রৰ উদ্বোধনী অনুষ্ঠানত সভাপতিৰ ভাষণত অসম সাহিত্য সভাৰ সভাপতি ডঃ সূর্য্যকান্ত হাজৰিকাই এইদৰে কয়। আলোচনাচক্ৰখন উদ্বোধন কৰি বাপুজী মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি গৌৰীকান্ত বর্মনে কয় যে, শৈক্ষিক-সামাজিক দিশত ১৯৭০ চনত স্থাপিত বাপুজী মহাবিদ্যালয়ে, এক গুৰুত্বপূর্ণ ভূমিকা লৈ আহিছে।
তেওঁ কয় যে হিতেশ ডেকাৰ সাহিত্যত গ্রাম্য জীৱনৰ প্রতিচ্ছবি দেখা যায়। তেওঁৰ সাহিত্যৰ ভাষ্য অতি সহজ, সৰল আৰু সবল বুলি তেওঁ উল্লেখ কৰে। আদৰণী ভাষণত মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ ৰমেশ দাসে মহাবিদ্যালয়খনে সৰুক্ষেত্রী অঞ্চলত শৈক্ষিক দিশত আগ বঢ়োবা অৱদানৰ বিষয়ে উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/ab890013-28ad-454b-a6dc-d703d81944f9/57525708_e29a_43aa_a282_d1e97d6448b4.jpg)
আলোচনাচক্ৰখনত গৱেষক-অধ্যাপক ডঃ মঞ্জু হালৈৰ গৱেষণাগ্রন্থ 'হিতেশ ডেকাৰ কথা শিল্প: লোক জীৱনৰ মুকুৰ’ উন্মোচন কৰে গুবাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত ৰবীন্দ্র অধ্যাপক ড০ উমেশ ডেকাই। গ্রন্থখন উন্মোচন কৰি দিয়া ভাষণত তেওঁ কয় যে, অসম সাহিত্য সভা অসমীয়া জনগণৰ হৃৎপিণ্ডস্বৰূপ। ভাষা-কৃষ্টি-সভ্যতা-পৰম্পৰা ৰক্ষা কৰাটো অসম সাহিত্য সভাৰ দায়িত্ব।
তেওঁ লগতে কয় যে, অসম সাহিত্য সভাই জাতীয় দায়িত্ব পালন কৰি আহিছে। ৰাষ্ট্রীয় পর্যায়ৰ আলোচনাচক্ৰখনত ভাষণ প্রদান কৰি টিহু মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক ড০ জ্যোতিষ ভাগৱতীয়ে কয় যে, হিতেশ ডেকা অকল ঔপন্যাসিকেই নাছিল, সাহিত্যৰ আটাইকেইটা দিশতে তেওঁৰ মুক্ত বিচৰণ আছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/bbe4e149-951d-4c50-9063-97d7cda73311/83f9118b_3a89_45a1_8533_5f25f50f86e8.jpg)
মুখ্য অতিথিৰ ভাষণত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ অমিয়া পাতৰে কয় যে, আজিৰ দিনত সকলোৱে জাতি-মাটি-ভেটিৰ কথা কয় যদিও হিতেশ ডেকাই তাহানিতেই জাতি-মাটি-ভেটিৰ কথা কৈছিল। আলোচনাচক্ৰখনত ভাষণ দি অসম সাহিত্য সভাৰ প্রধান সম্পাদক ড০ উপেন্দ্রজিৎ শর্মাই কয় যে, অসম সাহিত্য সভ্যক বিদ্যায়তনিক দিশতো আগ বঢ়াই নিব লাগিব।
এটা জাতিৰ ভাষা-সাংস্কৃতিক দিশ জীয়াই থাকিব লাগিলে, সেই জাতিটোৰ বৌদ্ধিক দিশ উন্নত হ'ব লাগিব। সাহিত্যিক হ'ব লাগিলে জাতীয় জীৱনৰ বার্তা বহন কৰিব লাগিব বুলি উল্লেখ কৰি তেওঁ কয় যে, জাতিক মহীয়ান কৰিব পৰা সাহিত্যিকহে আমাক লাগে। হিতেশ ডেকাৰ সাহিত্যত জাতীয় জীৱনৰ, সমাজ জীৱনৰ বার্তা পোৱা যায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7ec52ca9-d2f5-4f40-9aab-1e56c071cedb/20ca8f34_0afa_4122_80f1_490855aad7a6.jpg)
মহাবিদ্যালয়খনৰ অধ্যাপিকাসকলে অসম সাহিত্য সভাৰ আৰম্ভণী গীত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দগীত পৰিৱেশন কৰা ৰাষ্ট্রীয় পর্যায়ৰ এই আলোচনাচক্ৰখনত উপস্থিত থাকে অসম সাহিত্য সভাৰ প্রাক্তন সম্পাদক ড০ জগদীশ পাটগিৰি, মেঘালয়ৰ উইলিয়াম নগৰ চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ পৰিতোষ চক্রৱর্তী, সভাৰ সহকাৰী সম্পাদক প্রফুল্ল বর্মন, কোষাধ্যক্ষ মিহিৰ কুমাৰ বৰুৱা, প্ৰকাশন উপ সমিতিৰ আহ্বায়ক গোবিন্দ কলিতা, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, বাপুজী মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰমেশ দাস, বাপুজী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ধনজিৎ ডেকাই।
উদ্বোধনী অনুষ্ঠানত হিতেশ ডেকাৰ প্রতিচ্ছবিৰ সম্মুখত বন্তি জ্বলাই মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ধনজিৎ ডেকাই। মাল্যার্পণ কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্রজিৎ শর্মাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/f415cb19-f1eb-492d-a4ca-bbc2ecc458c2/ebea8f97_e1ab_4046_95af_500b27431418.jpg)
আলোচনাচক্রৰ পূৰ্বে বাপুজী মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড০ ৰমেশ দাসে। অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ভাৰতী অধ্যয়ন চক্ৰৰ সভাপতি খগেন্দ্রনাথ ভূঞাই। মহাত্মা গান্ধীৰ আবক্ষ মূর্তিত পুষ্পাঞ্জলি অর্পণ কৰে শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ গীতাঞ্জলি ভূঞা আৰু নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই।
ছহিদ তর্পণ কৰে দর্শন বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ মিণ্টু দেৱীয়ে। ইফালে, মেঘালয়ৰ উইলিয়াম নগৰ চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ পৰিতোষ চক্রৱর্তীৰ সঞ্চালনাত আলোচনাচক্ৰৰ প্রথম সত্র অনুষ্ঠিত হয়। আলোচনাচক্রত অংশগ্রহণকাৰী পঞ্চাছগৰাকীয়ে গৱেষণাপত্র পাঠ কৰে।
নগাঁও ছোৱালী মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ অমিয়া পাতৰৰ সঞ্চালনাত আলোচনাচক্রৰ দ্বিতীয় সত্র অনুষ্ঠিত হয়। আলোচনাচক্রৰ দ্বিতীয় সত্ৰত শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা সবিতা কলিতা, সহকাৰী অধ্যাপিকা ড০ বিজয়লক্ষ্মী ডেকাই সাৰাংশ লেখক হিচাপে গৱেষণাপত্র পাঠ কৰে।
আবেলি বাপুজী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰমেশ দাসৰ সভাপতিত্বত সামৰণী অনুষ্ঠান সম্পন্ন হয়। সামৰণী অনুষ্ঠানত মেঘালয়ৰ উইলিয়াম নগৰ চৰকাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ পৰিতোষ চক্রৱর্তী, অসম সাহিত্য সভাৰ প্রধান সম্পাদক ড০ উপেন্দ্রজিৎ শর্মাই বিশিষ্ট অতিথি হিচাপে আৰু বাপুজী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড০ প্রভাত শর্মা আৰু বাপুজী মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি ড০ অনন্ত ডেকাই মুখ্য অতিথি হিচাপে অংশ লয়।
অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই ভাৰতী অধ্যয়ন চক্রৰ সম্পাদক গুণজিৎ চৌধুৰীয়ে। অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠান সামৰা হয়।
Also Read: অসমবাসী ওলাই আহকঃ কেন্দ্ৰক সকীয়াই অখিল গগৈৰ 'কা' আন্দোলনৰ হুংকাৰ