/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/CBI.jpg)
CBI য়ে গ্ৰেপ্তাৰ কৰিলে উত্তৰ পূব সীমান্ত ৰে'লৱেৰ দুই বিষয়া আৰু এজন ঠিকাদাৰক...
ডিজিটেল ডেস্কঃ পুনৰ উত্তৰ পূব সীমান্ত ৰে'লৱেৰ দুই জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ কৰিলে চি বি আইয়ে। গ্ৰেপ্তাৰ হোৱা দুই জ্যেষ্ঠ বিষয়াৰ ভিতৰত এজন উপ-মুখ্য অভিযন্তা আৰু আনজন জ্যেষ্ঠ খণ্ড অভিযান্তা। আনহাতে চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছে এজন ঠিকাদাৰকো।
ইয়াৰে গ্ৰেপ্তাৰ হোৱা ঠিকাদৰজন গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ। তেওঁৰ বিৰুদ্ধে ৫০ লাখ টকা উৎকোচ দিয়াৰ অভিযোগ। আনহাচে উপ-মুখ্য অভিযন্তাগৰাকীয়ে এই ৫০ লাখ টকা উৎকোচ হিচাপে লোৱাৰ অভিযোগ।
উল্লেখ্য যে চি বি আইয়ে দেশৰ মুঠ ১৯ টা স্থানত চলাইছে অভিযান। ইয়াৰ ভিতৰত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ইম্ফলো অন্যতম। ইয়াৰোপৰি বিহাৰ, হাৰিয়ানা আদিতো চলিছে অভিযান। সমগ্ৰ অভিযানৰ সময়ত চি বি আইয়ে জব্দ কৰিছে ১.০২ কোটি টকা।
ইফালে আজি চি বি আইয়ে গ্ৰেপ্তাৰ কৰা উত্তৰ পূব সীমান্ত ৰে'লৱেৰ উপ-মুখ্য অভিযন্তা আৰু ঠিকাদাৰজনক ৫দিনৰ বাবে আৰক্ষী জিম্মালৈ প্রেৰণ কৰিছে। ইয়াৰ বিপৰীতে জ্যেষ্ঠ খণ্ড অভিযন্তাগৰাকীক দিয়া হৈছে ৩দিনৰ ট্রেনজিট ৰিমাণ্ডত।
Also Read: আদানী গ্ৰুপৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ...