আদানী গ্ৰুপৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ...

আদানী গ্ৰুপৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ...
আদানী গ্ৰুপৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ...

ডিজিটেল সংবাদ নগাঁও: আদানী গ্রুপৰ বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছে সোমবাৰে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। বিশেষকৈ এল আই চি, এছ বি আইৰ ধন আত্মসাত কৰিব বিচৰা গৌতম আদানীক গ্ৰেপ্তাৰৰ দাবী কৰি কংগ্ৰেছে ৰাজ্যখনৰ আন ঠাইৰ লগতে নগাঁৱতো প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।

দেশৰ অৰ্থনীতি থান বান কৰিব বিচৰা গৌতম আদানীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে বুলি প্ৰতিবাদী ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মীসকলে। আদানীয়ে দেশৰ দুটাকৈ নিৰ্ভৰযোগ্য বিত্তীয় প্ৰতিষ্ঠান এল আই চি আৰু এছ বি আইৰ ধন আত্মসাত কৰিব বিচাৰিছে বুলি কংগ্ৰেছ কৰ্মীসকলে দাবী তোলে।

নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত কেন্দ্ৰীয় চৰকাৰ আৰু গৌতম আদানীৰ বিৰুদ্ধে ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্য্যসূচীত কেইবা শতাধিক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। নগাঁৱৰ ষ্টেট বেংকৰ সন্মুখত ৰূপায়ন কৰা এই প্ৰতিবাদী কৰ্য্যসূচীত ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই সংবাদ মাধ্যমৰ সন্মুখত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে।

জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাও তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। ভাৰতৰ অৰ্থনীতি চৰকাৰে দুৰ্বল কৰি পেলোৱা বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতা দুগৰাকীয়ে। কংগ্ৰেছে ক্ষমতালৈ আহিলে আদানী গ্রুপৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি দুয়োগৰাকী কংগ্ৰেছ নেতাই উল্লেখ কৰে ।

আদানী গ্ৰুপৰ বিৰুদ্ধে নগাঁৱত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ...
ধেমাজিত ৰূপালী জয়ন্তী বৰ্ষ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জিমচাঁয়া চেম্পিয়ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in