/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/04b9643d-2bd8-4123-bca4-cd692101d478/RAHUL_24.jpg)
খানাপাৰাৰ খণ্ড যুদ্ধই বিপদত পেলালে ৰাহুলক ! কেইবাজনৰ বিৰুদ্ধে গোচৰ...
ডিজিটেল ডেস্কঃ আকৌ বিপদত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। সাংসদগৰাকীৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষী থানাত ৰুজু কৰা হৈছে ফৌজদাৰী গোচৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে অসম আৰক্ষীয়ে নিজাববীয়কৈ ৰাহুল গান্ধীসহ কেইবাজনৰো বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।
এই তালিকাত আছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক কে চি বেণুগোপাল, কানহাইয়া কুমাৰো। এওঁলোকৰ বিৰুদ্ধে বশিষ্ঠ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি) /১৪৩ / ১৪৭ / ১৮৮ / ২৮৩ / ৩৫৩ / ৩৩২/ ৩৩৩ / ৪২৭ আৰু পি ডি পি আইনৰ আৰ ডব্লিউ ধাৰাৰ ৩ নং ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
Reference events related to road event of Indian National Congress on Jan 23rd 2024 at Guwahati - 1. The road event was to travel from Meghalaya towards Kamrup through Guwahati 2. There are two major roads and permission was given to use one of these after deliberation with…
— DGP Assam (@DGPAssamPolice) January 23, 2024
উল্লেখ্য যে, ৰাহুল গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছে আৰম্ভ কৰা কৰা ভাৰত জোড়ো ন্যায় যাত্ৰাক মঙ্গলবাৰে গুৱাহাটী মহানগৰীত প্ৰৱেশত বাধা প্ৰদান কৰা হৈছিল। মহানগৰীৰ ভিতৰত ট্ৰেফিক জামৰ অচিলাৰে মুখ্যমন্ত্ৰীয়ে এই যাত্ৰাক গুৱাহাটীৰ মাজমজিয়াত প্ৰৱেশ কৰিব নিদিয়াৰ সিদ্ধান্ত লৈছিল।
ইয়াৰ পিছতে মেঘালয়ৰ পৰা আহি পুনৰ গুৱাহাটীত এই ন্যায় যাত্ৰাৰ দলটো উপস্থিত হোৱাৰ পূৰ্বৰে পৰা আৰক্ষীৰ এটা বৃহৎ দলে বেৰিকেড তৈয়াৰ কৰি দলটোক বাধা দিবলৈ সাজু আছিল। তাৰ পাছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে আৰক্ষীৰে হাতহতিত লিপ্ত হৈ এই বেৰিকেড ভাঙি পেলাবলৈ সক্ষম হয়।
সেই সময়ত ৰাহুল গান্ধী আছিল যাত্ৰা কালত ব্যৱহাৰ কৰা বিশেষ প্ৰযুক্তিৰ বাছখনত। ইফালে আৰক্ষীৰে হোৱা হতাহতিত ভূপেন বৰাসহ বহু কংগ্ৰেছ কৰ্মী, কৰ্তব্যৰত আৰক্ষী আহত হয়। এই সমগ্ৰ দৃশ্য কংগ্ৰেছে এক্সত আপলোড কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰাৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো প্ৰতি অভিযোগেৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ দিয়ে।
খানাপাৰাৰ পথত সৃষ্টি হোৱা খণ্ডযুদ্ধ পৰৱৰ্তী সময়ত এক্সত টুইট যুদ্ধলৈ ৰূপান্তৰ হয়। এক্সৰ জৰিয়তেই মুখ্যমন্ত্ৰী ড০ শৰ্মাই আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙক ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে।
আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়েও লগে লগে এক্সতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক সহাৰি জনাই আইন মতে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। সেই অনুসৰিয়েই ৰাহুল গান্ধী, কে চি বেণুগোপাল, কানহাইয়া কুমাৰ আদিৰ বিৰুদ্ধে ৰুজু কৰা হয় গোচৰ।
Sir, Action is being taken per law. Unruliness and violation of ASL decision, including attempt to change route through force is also being taken up with appropriate agencies. Warm regards. https://t.co/nnayHO25Gl
— GP Singh (@gpsinghips) January 23, 2024
Also Read: প্ৰবঞ্চনাৰে ৰে'লৰ টিকট বিক্ৰী কৰা BJYM ৰ দুই প্ৰৱঞ্চকক আটক...