/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/eae56e29-f72d-42d2-baf3-1216031c8e2b/DON_BOSCO_25.jpg)
“মেকানিকেল ইঞ্জিনিয়াৰৰ বাবে কেৰিয়াৰ পথ” শীৰ্ষক আলোচনা চক্ৰ সম্পন্ন...
ডিজিটেল সংবাদ গুৱাহাটীঃ অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগ আৰু কেৰিয়াৰ গাইডেন্স চেলৰ যৌথ উদ্যোগত “মেকানিকেল ইঞ্জিনিয়াৰৰ বাবে কেৰিয়াৰ পথ (Career Path for Mechanical Engineers)” শীৰ্ষক এখন আলোচনা চক্ৰ ২৫ আগষ্ট তাৰিখে অনুষ্ঠিত হয়। আলোচনা চক্ৰখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী তথা কেৰিয়াৰ গাইডেন্স চেলৰ চেয়াৰমেন ড° বুলজিৎ বুঢ়াগোহাঁই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f6caa725-16b7-4849-bec3-a2326f83bbdc/3baa72b3_925b_4d23_9f4e_39f1405e3aa9.jpg)
তেওঁ শিক্ষাৰ্থীসকলে মেকানিকেল ইঞ্জিনিয়াৰিঙত বি.টেক. কৰা পিছত থকা বিভিন্ন সুযোগৰ বিষয়ে বাখ্যা আগবঢ়ায় । আলোচনা চক্ৰখনত ড° বুলজিৎ বুঢ়াগোহাঁয়ে অভিযান্ত্রিক সেৱা পৰীক্ষা আৰু গ্রেজুৱেট এপটিটিউড টেষ্ট ইন ইঞ্জিনীয়াৰিং (GATE) বিষয়ে অৱগত কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/12fa1c1b-7d18-47cd-93cd-5973019ab2a7/15c44f01_5826_4e51_9488_b2000b24cc66.jpg)
ড° বুঢ়াগোহাঁয়ে কঠোৰ পৰিশ্ৰমৰ কোনো বিকল্প নাই আৰু এটা সফল কেৰিয়াৰ গঢ়িবৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব বুলি উল্লেখ কৰে । লগতে ড° বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলক মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰাৰ পিছত উচ্চ শিক্ষা গ্রহণৰ বিভিন্ন বিকল্পৰ বিষয়েও অৱগত কৰে ।
আলোচনা চক্ৰখনত মেকানিকেল ইঞ্জিনীয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক লীনা এইছ নেমাদেৰ লগতে শিক্ষাৰ্থী অয়ন জ্যোতি ভৰদ্বাজ, মিৰাখী আৰ চাংমা আৰু নীলাভ দত্তইও বক্তব্য ৰাখে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/341d6194-3371-4293-9f15-30a5e210f90b/f55bb186_1ee6_497f_9760_9d0be2c71edc.jpg)
Also Read: গোৱালপাৰাত ৩ দিনীয়াকৈ কীটনাশক দ্ৰব্যৰ অপপ্ৰয়োগ সম্পৰ্কে সজাগতা সভা সম্পন্ন...