
ডিজিটেল সংবাদ গোৱালপাৰাঃ গোৱালপাৰা জিলা কৃষি বিভাগৰ উদ্যোগত যোৱা ২৩, ২৪ আৰু ২৫ আগষ্ট তাৰিখে জিলাখনৰ প্ৰতিটো উন্নয়ন খণ্ড ক্ৰমে লক্ষীপুৰ, জলেচৰ, সোনাৰি, ঝুমকাইপাৰা, বৰ্দমাল, আগিয়া, ৰংজুলি, ডুবাপাৰা, বিকালি, দুধনৈ, কৃষ্ণাই আৰু মাটিয়াৰ শাক-পাচলিত কীটনাশক দ্ৰব্যৰ অপপ্ৰয়োগ সম্পৰ্কে সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত নিজ নিজ কৃষি উন্নয়ন খণ্ডৰ কৃষি উন্নয়ন বিষয়াসকলৰ লগতে কৃষি সম্প্ৰসাৰণ সহায়ক আৰু কৃষি সম্প্ৰসাৰণ পৰিদৰ্শকসকল উপস্থিত থাকে।
সভাত কীটনাশক তথা ৰাসায়নিক দ্ৰৱ্যৰ অধিক হাৰত কৰা ব্যৱহাৰৰ অপকাৰীতাৰ বিষয়ে গণ সজাগতা সৃষ্টিৰ চেষ্টা কৰা হয় । অধিক মাত্ৰাত কীটনাশক তথা ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰে মাটিত থকা উপকাৰী অনুজীৱবোৰক ধ্বংশ কৰাৰ লগতে সিহঁতৰ বংশ বৃদ্ধিত ঋণাত্মক প্ৰভাৱ পেলায়, যাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি হ্ৰাস পায়।
শাক-পাচলিৰ লগতে অন্যান্য খেতিত বিজ্ঞানসন্মত পৰিমাণতহে কীটনাশক তথা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিবলৈ ৰাইজৰ লগতে কীটনাশক আৰু ৰাসায়নিক সাৰৰ বিক্ৰেতা সকলক আহ্বান জনোৱা হয়।