/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/0885ae3a-9b33-4ec5-a235-f2ac53b5c035/jaluk.jpg)
জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
ডিজিটেল সংবাদ, গুৱাহাটীঃ অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ২০ জানুৱাৰীত দিনৰ ১২.৩০ বজাত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । সজাগতা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন ব’স্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই আৰু সহকাৰী অধ্যাপক হৰজিৎ দাস ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/058b70bd-ccac-4ba0-a9cf-f6d6e85fcbae/71c8f2c3_dfbd_4b59_8440_231e5c0f6ff7.jpg)
ড° বুঢ়াগোহাঁয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকত শাখা নিৰ্বাচন কেনেকৈ কৰিব লাগে আৰু উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান , বাণিজ্য শাখা বা বৃত্তিমুখী (vocational) শিক্ষা কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে শিক্ষাৰ্থীসকলে কিদৰে সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে সেই বিষয়ে বিষদ বাখ্যা আগবঢ়ায় । ড°বুঢ়াগোহাঁয়ে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে।
লগতে তেওঁ ইন্টাৰনেটৰ জৰিয়তে কেৰিয়াৰ বিষয়ৰ তথ্য কেনেকৈ শুদ্ধভাবে সংগ্রহ কৰিব পাৰি সেই বিষয়েও আলোচনা কৰে । কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে । তেওঁ বাতৰি কাকত পঢ়াৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/92543397-055a-46f1-8094-a9044e5749c1/babc31c3_69cc_4954_aacc_d672e821cfc8.jpg)
জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা চৰিফা আৰা আহমেদ আৰু আন শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থকা কৰ্মশালাখনত আনজন সমল ব্যক্তি হৰজিৎ দাসে লক্ষ্য নিৰ্ধাৰণৰ আৰু পলিটেকনিকৰ তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্রমৰ বিষয়ে আলোচনা কৰে ।
আৰু পঢ়কঃ মানৱীয় গুণেৰে ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যাবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ