/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/f4b9ee36-3339-4b55-bef1-350f89a1ebce/SONO.jpg)
মানৱীয় গুণেৰে ছাত্ৰ-ছাত্ৰীসকলক আগবাঢ়ি যাবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ
ডিজিটেল সংবাদ,নগাঁও: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া মাৰ্গ দৰ্শন বিশ্বই স্বীকাৰ কৰিছে। এই মাৰ্গ দৰ্শন যোগ পদ্ধতিৰ জৰিয়তে হৈছে। যোৱা ২১ জুনত ১২৫ কোটি লোকে যোগ কৰিছে। যোগ অভ্যাসৰ জৰিয়তে এজন ব্যক্তি সুষ্ঠ সৱল হিছাপে নিজকে গঢ়ি তুলিব পাৰে ।
সেই কাৰণে উঠি অহা প্ৰজন্মৰ ছাত্ৰ, ছাত্ৰী সকলক যোগ অভ্যাসৰ জৰিয়তে নিজৰ সুস্থ শৰীৰ গঢ়ি তুলিবলৈ আহ্বান জনায় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে। শুক্ৰবাৰে পুৰণিগুদাম কঢ়ালিগাঁৱত অনুষ্ঠিত হোৱা পৰীক্ষা সম্পৰ্কে চৰ্চা শীৰ্ষক অনুষ্ঠানৰ চিত্ৰাংকন প্ৰতিযোগিতাত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৩ শতাধিক ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি দিয়া ভাষণত সৰ্বানন্দ সোনোৱালে আৰু কয় পৰিশ্ৰম অবিহনে সফলতা সম্ভৱ নহয়।
এই ক্ষেত্ৰত ছাত্ৰ ,ছাত্ৰী সকলে সময়ৰ সৎ ব্যৱহাৰ কৰা উচিত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ Exam Warriors নামৰ গ্ৰন্থখন অধ্যয়ন কৰিবলৈ ছাত্ৰ ছাত্ৰী ,অভিভাৱক সকলক আহ্বান জনায়। ভাষণ প্ৰসংগত তেওঁ আৰু কয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনক বাস্তৱ ৰূপ দিবলৈ উঠি অহা প্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰত সজাগ সচেতন হ'বলৈ আহ্বান জনায়। প্ৰতিগৰাকী ছাত্ৰ ,ছাত্ৰীৰ ব্যক্তিত্ব নিৰ্মাণ কৰাৰ বাবে যোগ্যতা ,দক্ষতা,দৃঢ়তা,সততা,শ্ৰদ্ধা,নিষ্ঠা, নিয়মানুবৰ্তিতা আদি মানবীয় গুণেৰে নিজকে পৰিপূৰ্ণ কৰি ভবিষ্যতে বিশ্ব জয় কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়।
কঢ়ালি গাঁও কলংপৰীয়া সেউজ গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা কাৰ্যসূচীত বিজেপি নেতা অনিল শইকীয়া,দিপ্লুৰঞ্জন শৰ্মা,মমিনুল আৱাল কলংপৰীয়া সেউজ গোষ্ঠীৰ উৎপল বৰাকে ধৰি কৰ্মকৰ্তা সকল উপস্থিত থাকি উপস্থিত ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰে। উল্লেখ যে কাৰ্যসূচীৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে চিত্ৰাংকন প্ৰতিযোগিতাৰ ছাত্ৰ ,ছাত্ৰী সকলৰ লগত মত বিনিময় কৰাৰ উপৰিও কাৰ্যসূচী চলি থকাৰ সময়ত উপস্থিত কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ মনৰ ভাব বুজ লয়।
মন্ত্ৰীগৰাকীয়ে ছাত্ৰ ,ছাত্ৰী সকল সফলতাৰ দিশত খোজ দিবলৈ কেনেদৰে আগবাঢ়ি যোৱা উচিত সেই বিষয়ত প্ৰায় এঘন্টা যোৰা ভাষণে উপস্থিত ছাত্ৰ,ছাত্ৰীসকলক উৎসাহিত কৰে।
আৰু পঢ়কঃ কলিয়াবৰত গুণোৎসৱত শিক্ষা মন্ত্ৰী ৰনোজ পেগুৰ বিদ্যালয় পৰিদৰ্শন