/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a7eb53e3-4183-49fd-9377-f633a3dd0799/z4.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী: অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক-অভিযান্ত্রিক বিভাগৰ উদ্যোগত ৪অক্টোবৰত জালুকবাৰী ছোৱালী হাইস্কুলত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয়। জালুকবাৰী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক চৈয়দ মজিদ আলীয়ে আদৰণী ভাষণ আগবঢ়োৱা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ যান্ত্রিক-অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই আৰু সহকাৰী অধ্যাপক পল্লৱ গগৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/a32adc1d-73b1-4710-a2c7-05665ae7932a/b8eb63b6_cd0e_4c14_9fa9_4758ec776397.jpg)
ড° বুঢ়াগোহাঁয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে অধ্যয়ন কৰিব পৰা আই.টি.আই.ৰ বিভিন্ন ট্রেড আৰু পলিটেকনিকৰ ৩ বছৰীয়া বিভিন্ন ডিপ্লমা পাঠ্যক্রমৰ বিষয়ে আলোচনা কৰে। ব্যক্তিত্বৰ লগতে নিজৰ ৰাপ, পাৰদৰ্শিতা অনুসৰি শিক্ষাৰ্থীসকলে উচ্চতৰ মাধ্যমিকত শাখা তথা বিষয়বোৰ কেনেকৈ নিৰ্বাচন কৰিব লাগে আৰু উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান , বাণিজ্য বা বৃত্তিমুখী (vocational) শাখাত শিক্ষা কৰি নিজৰ দক্ষতা প্রকাশ কৰিব পাৰিলে শিক্ষাৰ্থীসকলে কিদৰে সুন্দৰ ভৱিষ্যত গঢ়িব পাৰে সেই বিষয়ে বাখ্যা আগবঢ়ায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e06261d5-1b14-4780-a14c-77f8f5717340/aaf81198_02f1_4e10_9758_8bdd52041ab3.jpg)
ড° বুঢ়াগোহাঁয়ে বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰত সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। ড° বুলজিৎ বুঢ়াগোহাঁয়ে সভাখনত অংশগ্রহণ কৰা শিক্ষাৰ্থীসকলৰ বিভিন্ন প্রশ্নৰ উত্তৰ দিয়ে, লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) বিনামূলীয়াকৈ আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে।
তেওঁ বাতৰি কাকত পঢ়াৰ গুৰুত্বৰ বিষয়েও উল্লেখ কৰে। জালুকবাৰী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক চৈয়দ মজিদ আলী আৰু শিক্ষয়ত্রী বিনিতা ৰয় উপস্থিত থকা সভাখনত আনজন সমল ব্যক্তি পল্লৱ গগৈয়ে অসম ডন বস্ক’ বিশ্ববিদ্যালয়ে আগবঢ়োৱা অভিযান্ত্ৰিক, কলা, বাণিজ্য, বিজ্ঞান, ব্যৱস্থাপনা , ফাৰ্মাচী আদি বিভাগৰ বিভিন্ন বিষয়ত পি.এইচ.ডি., স্নাতকোত্তৰ, স্নাতক আদি পাঠ্যক্রমবোৰৰ বিষয়ে উল্লেখ কৰে ।
Also Read: আলফ(স্বা)লৈ জিপি সিঙৰ আহ্বানঃ আমাক জনাওক মৃতদেহ ক'ত এৰি থৈ গৈছে, আমি ঘূৰাই আনিম