/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/08526e5d-92f9-4cab-a740-2065b36c0738/AP_FOR_WEB_gp_singh.jpg)
ডিজিটেল ডেস্কঃ ''আমি যিকোনো চৰকাৰৰ সৈতে সমন্বয় কৰি আমাৰ মানুহৰ মৃতদেহ ঘূৰাই আনিম। অনুগ্ৰহ কৰি আমাক জনাওক আপুনি মৃতদেহ ক'ত এৰি থৈ গৈছে। শোকত ভাগি পৰা পৰিয়ালবোৰে আপোনাৰ পৰা এইখিনি পোৱাৰ যোগ্য''- সামাজিক মাধ্যমৰ জৰিয়তে এই বাৰ্তা প্ৰেৰণ কৰি অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে।
আলফা(স্বা)ৰ শিবিৰত দুই কেডাৰক মৃত্যুদণ্ড দিয়াৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে টুইট কৰি কৈছিল যে-'' জংঘলৰ পৰা অহা খিলঞ্জীয়া যুৱক-যুৱতীৰ মৃত্যুৰ হৃদয়বিদাৰক খবৰ সকলোকে চিন্তিত কৰিছে - অসমৰ যুৱক-যুৱতীসকললৈ মোৰ অনুৰোধ - যিজন ব্যক্তি আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয় তাৰ বাবে আপোনাৰ জীৱন নষ্ট নকৰিব ॥''
আমি যিকোনো চৰকাৰৰ সৈতে সমন্বয় কৰি আমাৰ মানুহৰ মৃতদেহ ঘূৰাই আনিম। অনুগ্ৰহ কৰি আমাক জনাওক আপুনি মৃতদেহ ক'ত এৰি থৈ গৈছে। শোকত ভাগি পৰা পৰিয়ালবোৰে আপোনাৰ পৰা এইখিনি পোৱাৰ যোগ্য॥ https://t.co/u1MzSGRFCB
— GP Singh (@gpsinghips) October 4, 2023
তাৰ পাছতে জি পি সিঙে মৃতদেহ কেইটা ঘূৰাই দিবলৈও আহ্বান জনাইছিল। আজি পুনৰ জি পি সিঙে মৃতদেহ ঘূৰাই দিবলৈ আহ্বান জনায়।
উল্লেখ্য যে, মঙলবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে আলফা(স্বা)য়ে দুই কেডাৰক মৃত্যুদণ্ড দিয়াৰ কথা স্বীকাৰ কৰিছিল। বিজ্ঞপ্তিত উল্লেখ কৰিছিল যে, সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন] সংগঠনৰ নিম্ন পৰিষদৰ প্রাক্তন উপ সভাপতি ব্ৰিগেদিয়াৰ এ. জেদ, শিৰোনাম অসম ওৰফে লাচিত হাজৰিকা আৰু প্ৰাক্তন পি. টি. ই. বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়াই সংগঠনৰ সংবিধান আৰু নীতি-আদর্শক চূড়ান্তভাৱে অৱমাননা কৰিছিল। তেওঁলোকে আলফা-স্বা বিৰোধী কাৰ্যকালপ কৰাৰ বাবে মৃত্যুদণ্ড দিয়া হৈছিল বুলি উল্লেখ আছে প্ৰেছ বিজ্ঞপ্তিত।
Also Read: এছিয়ান গেমছত ভাৰতে ৰচিলে ইতিহাস...