খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

খানাপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

author-image
Asomiya Pratidin
New Update
অচিনাক্ত বাহনে মহটিয়াই নিলে অসম আৰক্ষীৰ জোৱানক, থিতাতে মৃত্যু

প্ৰতীকী ফটো

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে মহানগৰীৰ খানাপাৰত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। দুখন বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত হোৱা এই দুৰ্ঘটনাত আহত হয় কেবাজনো লোক।

Advertisment

বাহনৰ তীব্ৰ বেগৰ বাবেই সংঘটিত হয় এই দুৰ্ঘটনা। আহত কেইজনক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীৰ সহযোগত আহত কেইজনক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হয়।

এই সংঘৰ ফলত এখন বাহন সম্পূৰ্ণৰূপে ৰাজপথতে ওলটি যায়। পৰৱৰ্তী সময়ত আৰক্ষীৰ তৎপৰাত বাহন দুখন ৰাজপথৰ পৰা আঁতৰাই নিয়া হয়।

Also Read: চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে গৰ্ভৱতী মহিলাক যৌন অতিশয্যাৰ অভিযোগ

CAR ACCIDENT guwahati