চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে গৰ্ভৱতী মহিলাক যৌন অতিশয্যাৰ অভিযোগ

চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে গৰ্ভৱতী মহিলাক যৌন অতিশয্যাৰ অভিযোগ

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ কচুৱা থানাৰ অন্তুৰ্গত শিমলুগুৰীত সংঘটিত হৈছে এক সমাজক লজ্জানত কৰা অমানবীয় ঘটণা। এগৰাকী গৰ্ভাৱৰ্তী মহিলাক যৌন অতিশয্যা চলোৱাৰ অভিযোগ উঠিছে এজন চিকিৎসকৰ বিৰুদ্ধে।

ঘটনাৰ বিষয়ে জানিব পৰা মতে, মংগলবাৰে এগৰাকী গৰ্ভাৱতী মহিলাই বাৰপুজীয়া খণ্ড প্ৰাথমিক চিকিৎসালয়ৰ অন্তুৰ্গত জুকুটা সামূহিক স্বাস্থ্য আৰু কল্যান কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰাব আহিছিল। কিন্তু কেন্দ্ৰটো এগৰাকী নাৰ্চ কৰ্মৰত অৱস্থাত থকাৰ পিছতো স্বাস্থ্যকেন্দ্ৰটোত নিয়োজিত স্বাস্থ্য বিষয়া প্ৰশান্তু দাসে এটা কোঠাৰ ভিতৰত চিকিৎসা প্ৰদান কৰিবৰ বাবে মহিলাগৰাকীক লৈ যায়।

উল্লেখ্য যে, কোঠাৰ ভিতৰত চিকিৎসকজনে গৰ্ভৱতী মহিলা গৰাকীক যৌন অতিশয্যা চলোৱাৰ অভিযোগ উঠিছে। পিছত মহিলা গৰাকীয়ে কচুৱা থানাত চিকিৎসকজনৰ বিৰুদ্ধে এক গোচৰ তৰে।

বিগত দুটা দিন ধৰি কচুৱা থানাই সমগ্ৰ বিষয়টৌ তদন্ত কৰি বৃহস্পতিবাৰে ৰহা ৰজাগাঁৱৰ পৰা চিকিৎসক প্ৰশান্ত দাসক গ্ৰেপ্তাৰ কৰে। চিকিৎসকজনৰ বিৰুদ্ধে কচুৱা থানাৰ ১২৬/২০২৩ নম্বৰৰ গোচৰৰত আৰু ভাৰতীয় ভাৰতীয় দণ্ড বিধি আইনৰ ৩৫৪/৩৫৪(এ)/৩৫৪(বি)/৩৭৬/৩৭৬/২)(ই)/৫১১ধাৰাত এক গোচৰ ৰজু কৰা হৈছে।

চৰকাৰী চিকিৎসকৰ বিৰুদ্ধে গৰ্ভৱতী মহিলাক যৌন অতিশয্যাৰ অভিযোগ
নামৰূপত আটক ড্ৰাগছ সৰবৰাহকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in