/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/frfr.jpg)
নৱম শ্ৰেণীৰ শিক্ষাৰ্থীয়ে পাব বিনামূলীয়া চাইকেলঃ কেবিনেটত কেইবাটাও সিদ্ধান্ত গ্ৰহণ...
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অসম লোকসেৱা ভৱনত অসম চৰকাৰৰ সপ্তাহিক কেবিনেট বৈঠকত আজি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্তসমূহৰ বিষয়ে উল্লেখ কৰিছে।
কেবিনেটে আজি গোৱালপাৰা হৈ আজাৰা-কামাখ্যা অনুমোদিত দ্বৈত ৰে'ল লাইনৰ বাবে প্ৰয়োজনীয় অসম চৰকাৰৰ ৮ বিঘা ভূমি ৰে'লৱেক দিয়াৰ বাবে কেবিনেটে অনুমোদন জনায়। ইয়াৰে ৭ বিঘা ভূমি জালুকবাৰী মৌজাৰ অধীনৰ আৰু এক বিঘা ভূমি চকৰ্দৈ মৌজাৰ অধীনৰ।
কেবিনেটে হাজো, মাজুলী আৰু টিংখাঙত নিৰ্মাণৰত তিনিখন পলিটেকনিকৰ বাবে ১৫০ কোটি টকাৰ অনুমোদন দিছে। তাৰোপৰি ৰাজ্যৰ বিভিন্ন অভিযান্ত্ৰিকআৰু পলিটেকনিক কলেজত নিয়োজিত হৈ থকা ৪৫১ গৰাকী অংশকালীন ফেকাল্টিক খালী থকা পদত নিযুক্তি দিয়াৰ বাবে অনুমোদন জনাইছে।
ৰাজ্যৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকসকলক চাইকেল দিয়াৰ ক্ষেত্রতো কেবিনেটে আজি অনুমোদন দিছে। বৰ্তমান ৰাজ্যত নৱম শ্ৰেণীৰ মুঠ ৩,২৩,৬৪০ গৰাকী শিক্ষাৰ্থী অধ্যয়নৰত হৈ আছে। তেওঁলোকক চাইকেল দিবলৈ কেবিনেটে আজি ১৪৮.৫৫ কোটি টকাৰ অনুমোদন দিছে।
কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদে নিযুক্তি দিয়া ১৩১ গৰাকী শিক্ষকৰ নিয়মীয়াকৰণতো আজি কেবিনেটে অনুমোদন জনাইছে। উল্লেখ্য যে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে অসম চৰকাৰ তথা বিত্ত বিভাগৰ সন্মতি অবিহনে প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই ১৩১ গৰাকী শিক্ষক নিযুক্তি দিছিল। আজিৰ কেবিনেটে ভৱিষ্যতলৈএনেদৰে নিযুক্তি নিদিবলৈ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক আহ্বান জনাইছে ।
Also Read: কোকৰাঝাৰত ভুৱা কল চেণ্টাৰ! বহিঃ ৰাজ্যৰ দুই প্ৰৱঞ্চকক আটক...