কোকৰাঝাৰত ভুৱা কল চেণ্টাৰ! বহিঃ ৰাজ্যৰ দুই প্ৰৱঞ্চকক আটক...

১২ টা মোবাইল, ৪৫ হেজাৰ নগদ ধন জব্দ
কোকৰাঝাৰত ভুৱা কল চেণ্টাৰ! বহিঃ ৰাজ্যৰ দুই প্ৰৱঞ্চকক আটক...
কোকৰাঝাৰত ভুৱা কল চেণ্টাৰ! বহিঃ ৰাজ্যৰ দুই প্ৰৱঞ্চকক আটক...
Published on
Updated on

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰত ভুৱা কল চেণ্টাৰৰ জৰিয়তে প্ৰৱঞ্চনা চলাই অহা বহিঃৰাজ্যৰ প্ৰৱঞ্চকৰ দলৰ দুজনক আজি কোকৰাঝাৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ দুই প্ৰৱঞ্চকৰ লগতে উক্ত প্ৰৱঞ্চকৰ দলটোৱে কল চেণ্টাৰত নিযুক্তি দিয়া চাৰি স্থানীয় যুৱতীকো সোধপোছৰ বাবে থানালৈ আনিছে।

প্ৰাপ্ত বাতৰি মতে কিছুদিন পূৰ্বে অৰ্থাৎ জুন মাহত উত্তৰ প্ৰদেশৰ পৰা আহি প্ৰৱঞ্চকৰ দলটোৱে সুভাষপল্লীত ভাড়াঘৰ লৈছিল। কল চেণ্টাৰৰ কাৰ্যালয় বুলি ভাড়াত লোৱা প্ৰৱঞ্চকৰ দলটোৱে স্থানীয় চাৰিগৰাকী যুৱতীক নিযুক্তিও দিছিল।

ইয়াৰ পিছতে প্ৰৱঞ্চকৰ দলটোৱে জিলাখনত প্ৰৱঞ্চনাৰ জাল পাতে। চাকৰিৰ নামত ভুৱা বিজ্ঞাপন দি প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে প্ৰৱঞ্চকৰ দলটোৱে। টাটা মটৰ্চকে ধৰি আন কোম্পানীত চাকৰি দিম বুলি প্ৰৱঞ্চকৰ দলটোৱে প্ৰাৰ্থীৰ পৰা ধন সৰকাইছিল।

প্ৰৱঞ্চকৰ দলটোৱে পঞ্জীয়নৰ নামত প্ৰতিগৰাকী প্ৰাৰ্থীৰে পৰা ২১০০ টকাকৈ ধন লৈছিল বুলি অভিযোগ উত্থাপিত হৈছে। কোকৰাঝাৰ আৰক্ষীয়ে এই খবৰ লাভ কৰি আজি কল চেণ্টাৰটোত অভিযান চলাই প্ৰৱঞ্চকৰ দলটোৰ দুজনক আটক কৰে ৷

লগতে প্ৰৱঞ্চকৰ দলটোৱে কল চেণ্টাৰত নিযুক্তি দিয়া চাৰি গৰাকী স্থানীয় যুৱতীকো সোধপোছৰ বাবে আৰক্ষীয়ে কোকৰাঝাৰ থানালৈ লৈ আনে ৷ আৰক্ষীয়ে প্ৰৱঞ্চকৰ দলটোৰ পৰা ১২ টা মোবাইল, ৪৫ হেজাৰ নগদ ধন আৰু ভুৱা নথিপত্ৰ জব্দ কৰিছে ।

তদন্তৰ খাতিৰত আৰক্ষীয়ে প্ৰৱঞ্চকৰ দলটোৰ বিতং তথ্য সদৰি কৰা নাই। আৰক্ষীয়ে প্ৰৱঞ্চক দলটোত চামিল হৈ থকা আন সদস্যসকলক কৰায়ত্ত কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে ।

কোকৰাঝাৰত ভুৱা কল চেণ্টাৰ! বহিঃ ৰাজ্যৰ দুই প্ৰৱঞ্চকক আটক...
শান্তিপুৰত দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰীৰ মাজত আৰ্থিক সাহায্য প্ৰদান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in