/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b12675ab-3fe4-4089-a5b3-16c121853009/guwahati_11.jpg)
কৃত্ৰিম বান ৰোধৰ বাবে আজিৰে পৰা ভাঙিব দলং...
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বাৰিষাৰ পূৰ্বেই সতৰ্কতামূলক পদক্ষেপ গ্ৰহণ কৰা হৈছে। সেই অনুসৰি গুৱাহাটীৰ বাহিনী নৈৰ ওপৰত থকা মুঠ ২৬ খনকৈ দলং ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছিল।
এই দলংসমূহে বাহিনী নৈৰ পানী ভেটা দি কৃত্ৰিম বানত অৰিহণা যোগাই আছিল। সেয়েহে গুৱাহাটী পৌৰ নিগমে চিহ্নিত কৰা এই ২৬ খন দলং ভাঙি কৃত্ৰিম বান ৰোধৰ বাবে প্ৰচেষ্টা চলাইছে।
সমান্তৰালকৈ মহানগৰীৰ নল, নৰ্দমাবোৰো পৰিস্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বিভিন্ন প্ৰান্তৰ নলা, নৰ্দমা খান্দি তাৰ ভিতৰত আৱদ্ধ হৈ থকা আৱৰ্জনাসমূহ উলিয়াই অনা হৈছে।
যাতে সহজে এই নলাসমূহৰ জৰিয়তে পানী বৈ যাব পাৰে। পৌৰ নিগমৰ এই যোগাত্মক পদক্ষেপৰ মাজতে অৱশ্যে সৃষ্টি হৈছে আন এক সমস্যা।
নলা, নৰ্দমাৰ পৰা খান্দি উলিয়াই অনা আৱৰ্জনাবোৰ নলাৰ কাষতে ৰাজপথত পেলাই থোৱাত এতিয়া দুৰ্গন্ধ আৰু প্ৰদূষণৰ সৃষ্টি হৈছে। ঠায় ঠায়ে মানুহ ৰাজপথেৰে খোজ কাঢ়ি যাব নোৱাৰাৰ পৰিৱেশৰ সূচনা হৈছে।
Also Read: অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ ব্যতিক্ৰমী দৃশ্য...