যাত্ৰীবাহী নৈশ বাছৰ মালবাহী ট্ৰাকত খুন্দাঃ জীৱন্তে অগ্নিদগ্ধ ১৩ জনকৈ যাত্ৰী...

যাত্ৰীবাহী নৈশ বাছৰ মালবাহী ট্ৰাকত খুন্দাঃ জীৱন্তে অগ্নিদগ্ধ ১৩ জনকৈ যাত্ৰী...
যাত্ৰীবাহী নৈশ বাছৰ মালবাহী ট্ৰাকত খুন্দাঃ জীৱন্তে অগ্নিদগ্ধ ১৩ জনকৈ যাত্ৰী...

ডিজিটেল ডেস্কঃ বুধবাৰে নিশা মধ্যপ্ৰদেশত সংঘটিত হৈছে এক কৰুণ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ১৩ জনকৈ লোকে। নিয়ন্ত্ৰণ হেৰুৱাই এখন যাত্ৰাবাহী বাছে এখন মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলতেই সংঘটিত হৈছে এই ঘটনা।

নিশা মধ্যপ্ৰদেশৰ গুণাত সংঘটিত হোৱা এই দুৰ্ঘটনাৰ পাছতেই জ্বলি উঠে দুয়োখন বাহন। ফলত বাছৰ ভিতৰত থকা ১৩ জনকৈ যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্য়ুমুখত পৰে। আনহাতে সংকটজনক অৱস্থাত ১৭ জনকৈ আহত যাত্ৰীক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত হুলস্থুল শুনি স্থানীয় লোক বাহিৰলৈ ওলাই আহে আৰু তেওঁলোকে যাত্ৰীসকলক উদ্ধাৰৰ বাবে জুই নুমুৱাবলৈ চেষ্টা কৰে। পিছত ঘটনাস্থলীত আৰক্ষী, শীৰ্ষ প্ৰশাসনীয় বিষয়া, উদ্ধাৰকাৰী আদি উপস্থিত হয়।

জিলা দণ্ডাধীশগৰাকীয়ে জনোৱা অনুসৰি আহত যাত্ৰীসকল এতিয়া বিপদমুক্ত। তেওঁ লগতে জনাইছে যে, অগ্নিদগ্ধ হৈ মৃত্যু হোৱা যাত্ৰীসকলৰ মৃতদেহ ইমানেই জ্বলি গৈছে যে তেওঁলোকক চিনাক্ত কৰিবলৈ ডি এন এ পৰীক্ষা কৰিব লাগিব।

লগতে তেওঁ এই দুৰ্ঘটনাৰ কাৰণ কি সেই বিষয়েও তদন্ত কৰিব বুলি জনাইছে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা অনুসৰি দুৰ্ঘটনাটোৰ সময়ত বাছখনত ৩০ জন যাত্ৰী আছিল। মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। তেওঁ মৃতকৰ আত্মীয়সকলক ৪ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।

যাত্ৰীবাহী নৈশ বাছৰ মালবাহী ট্ৰাকত খুন্দাঃ জীৱন্তে অগ্নিদগ্ধ ১৩ জনকৈ যাত্ৰী...
জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কামৰ নমুনাঃ পানী উঠাওঁতেই খহি পৰিল পানী ভৰ্তী টেংকী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in