হেমন্ত কুমাৰ ভট্টাচাৰ্যৰ "কবিতা জীৱনৰ -কবিতা সময়ৰ" কাব্যগ্ৰন্থ উন্মোচন

"কবিতা জীৱনৰ কবিতা সময়ৰ " উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মা
হেমন্ত কুমাৰ ভট্টাচাৰ্যৰ "কবিতা জীৱনৰ -কবিতা সময়ৰ" কাব্যগ্ৰন্থ উন্মোচন

ডিজিটেল ডেস্কঃ "কবিতা অন্তৰাত্মাৰ আকুল আহ্বান। ধ্বনি সুষমাৰ মৃণ্ময় প্ৰকাশ। ভাৱৰ ছন্দোবদ্ধ আৰু শিল্পিত প্ৰকাশকে কবিতা বুলি নামাকৰণ কৰা হৈছে।" এই মন্তব্য বিশিষ্ট নাট্যকাৰ, সাংবাদিক - সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মাৰ ।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আৰোহণ প্ৰকাশন গোষ্ঠীৰ উদ্যোগত অসম আৰক্ষী সেৱা নিবৃত্ত,কবি হেমন্ত কুমাৰ ভট্টাচাৰ্যৰ "কবিতা জীৱনৰ কবিতা সময়ৰ " উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মা। তেওঁ আকৌ কয় যে আৰক্ষী আৰু সাধাৰণ মানুহৰ মাজত বিশ্বাস আৰু সহৃদয়তা স্থাপনত কবি হেমন্ত ভট্টাচাৰ্য এগৰাকী সফল প্ৰশাসনিক বিষয়া।

পৱিত্ৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত গ্ৰন্থভাগি উন্মোচন কৰি বিশিষ্ট সাংবাদিক তথা তথ্য আয়ুক্ত সমুদ্ৰ গুপ্ত কাশ্যপে কয় কবিতা আৰু মানুহৰ সম্পৰ্ক অবিচ্ছেদ্য। মানুহেও কবিতাক এৰাব নোৱাৰে ,কবিতায়ো মানুহক এৰিব নোৱাৰে। কবি আৰু কবিতাক সকলোৱে মনত ৰাখে বুলি তেওঁ মন্তব্য কৰে।

আনহাতে বিশিষ্ট কাব্যকাৰ নীলিম কুমাৰে বিশিষ্ট অতিথিৰ ভাষণত কয় "পাঠকৰ পঠনতহে গ্ৰন্থ উন্মোচন হয় বুলি কয় । সভা কেৱল মাত্ৰ আনুষ্ঠানিকতা । তেওঁ আকৌ কয় এতিয়া ঈশ্বৰৰ মৃত্যু হৈছে। এতিয়া সাহিত্য হে ভগৱান ।"

অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া,কবি ইন্দ্ৰ জিত দত্ত, তৰুণ বৰা আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকি ভাষণ প্ৰদান কৰা অনুষ্ঠানটো বন্তি প্ৰজ্বলন কৰি মংগলময় কৰে সংস্কৃত পণ্ডিত সতীশ চন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত বিষয়া পদ্ম শৰ্মা, ক্ৰীড়া ব্যক্তিত্ব বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে । অনুষ্ঠানত মনৰ অনুভৱ ব্যক্ত কৰি শলাগৰ শৰাই আগবঢ়াই কবি হেমন্ত কুমাৰ ভট্টাচাৰ্যই ।

হেমন্ত কুমাৰ ভট্টাচাৰ্যৰ "কবিতা জীৱনৰ -কবিতা সময়ৰ" কাব্যগ্ৰন্থ উন্মোচন
'উৰা বাতৰি মুক্ত মণিপুৰ'ৰ উদ্দেশ্য আগত ৰাখি প্ৰশাসনৰ বিশেষ পদক্ষেপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in