মহানগৰীত কবি অন্নপ্ৰভা কাকতিৰ কবিতা সংকলন "সুৰ সঙ্গম" উন্মোচন...

কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত গুৱাহাটীত অন্নপ্ৰভা কাকতিৰ কবিতা সংকলন "সুৰ সঙ্গম" উন্মোচন । কবিতাই ঐতিহাসিক মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে : ড০ সূৰ্যকান্ত হাজৰিকা ।

author-image
Asomiya Pratidin
New Update
মহানগৰীত কবি অন্নপ্ৰভা কাকতিৰ কবিতা সংকলন "সুৰ সঙ্গম" উন্মোচন...

ডিজিটেল সংবাদ, গুৱাহাটী : দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাকক্ষত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ উদ্যোগত কবি অন্নপ্ৰভা কাকতিৰ নিৰ্বাচিত কবিতা সংকলন "সুৰ সঙ্গম" শুভ উন্মোচন কৰা হয় । "চিৰ চেনেহী মোৰ ভাষা জননী" শীৰ্ষক সমবেত সংগীতেৰে আৰম্ভ কৰা সভাৰ আদৰণি সম্ভাষণ আৰু উদ্দেশ্যে ব্যাখ্যা কৰে ক্ৰমে মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি সবিতা দেৱী আৰু সম্পাদক দীপাঙ্কৰ ৰায়মেধিয়ে ।

Advertisment

কাব্যগ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট সাহিত্যিক, অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব থানেশ্বৰ মালাকৰে কয়- "গ্ৰাম্য জীৱনৰ প্ৰতি মানুহৰ দুৰ্বাৰ আকৰ্ষণ আছে । কবি-সাংবাদিক, সাহিত্যিক-শিল্পীৰ মাটিৰ লগত সংপৃক্ত থাকিবই লাগিব। তেতিয়াহে উন্নত সৃষ্টি হ'ব। শিপা শক্তিশালী থাকিলেহে গছ পোন হৈ থাকে। মানুহৰ সত্বা যদি উন্নত হয়, তেন্তে চিৰদিন জীয়াই থাকিব পাৰিব।"

সভাৰ মুখ্য অতিথি অসম সাহিত্য সভাৰ সভাপতি, পদ্মশ্ৰী ড০ সূৰ্যকান্ত হাজৰিকাই কয়, "ভাষা, সাহিত্য, সংস্কৃতিৰ ইতিহাসত কবিতাই ঐতিহাসিক মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। অতীত কালৰ পৰা আজিলৈ কবিতাৰ লগত বহু লোক প্ৰত্যেক্ষ বা পৰোক্ষভাৱে জৰিত হৈছে।" সাংবাদিক, কবি, লেখক দীপক শৰ্মাই আঁত ধৰা সভাত বিশিষ্ট কবি, সমালোচক, জ্যেষ্ঠ আৰক্ষী বিষয়া ড০ নন্দ সিং বৰকলাই কয়- "ঈগল চৰাইয়ে কেতিয়াও বতাহ, বৰষুণ, ধুমুহাক ভয় নকৰে। সততা, বিশ্বাস থাকিলে সকলোতে আগুৱাই যাব পাৰে । কবিতা আটাইতকৈ সম্ভ্ৰান্ত সাহিত্য। সেইবাবে কবিতা লিখোঁতে খুউব সাৱধান হ'ব লাগে ।"

বিশিষ্ট কবি দেৱপ্ৰসাদ তালুকদাৰে অতিথিৰ ভাষণত কয়- "কবিতাই সমাজ পৰিবৰ্তনৰ পৰিৱেশ গঢ়িব পাৰে । এটা জাতিৰ উন্নয়নত কবিতাৰ শক্তিশালী ভূমিকা আছে।" জুৰি শৰ্মাই কামৰূপী লোকগীত পৰিৱেশন কৰা সভাত মহানগৰ জিলা সাহিত্য সভাৰ উপ-সভাপতি হৰেশ্বৰ ডেকা, কিশোৰ কুমাৰ জৈন, শশধৰ ডেকা, ধনজিৎ তালুকদাৰ, অনিল কলিতা, মহেন্দ্ৰ কামান, ৰুমা ৰাজখোৱা, অনন্ত ৰাম মেধি, ৰুণা লাইলা, মথুৰা ডেকা, ড০ যতীন্দ্ৰনাথ ডেকা, মৌৰাম দাস আদিয়ে অংশ গ্ৰহণ কৰে । সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই জিলা সাহিত্য সভাৰ সহ: সম্পাদক মনোজ কুমাৰ দাসে ।

Also Read: ১৯ বছৰীয়া নন্দিনীৰ শিৰত "ফেমিনা মিছ ইণ্ডিয়াৰ ২০২৩"ৰ মুকুত...

guwahati press club